ডিজিটেল ডেস্ক, ANEWS24X7: অনুমতি অবিহনে অভিনেতা অমিতাভ বচ্চনৰ নাম, ফটো, কণ্ঠস্বৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷ শুক্ৰবাৰে এই নিৰ্দেশনা জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷
অমিতাভ বচ্চনে তেওঁৰ নাম, প্ৰতিচ্ছবি ,কণ্ঠস্বৰ আৰু ব্যক্তিত্বৰ গুণাগুণ সুৰক্ষিত কৰিবৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল ৷ এই আবেদনৰ ভিত্তিতে দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে ৷
দিল্লী উচ্চ ন্যায়ালয়ে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ লগতে টেলিকম সেৱা প্ৰদানকাৰীসকলক অমিতাভ বচ্চনৰ কণ্ঠস্বৰ অথবা ফটো ব্যৱহাৰ কৰা সমলসমূহ আঁতৰাবলৈ নিৰ্দেশ দিয়ে ৷
এই ৰায় প্ৰদান কৰি ন্যায়াধীশ নবীন চাওলাই কয় যে ,‘‘অভিনেতাগৰাকীয়ে এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কিছুমান কাৰ্যকলাপে তেওঁৰ বদনামও আনিব পাৰে। এনেবোৰ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে পূৰ্বে প্ৰকাশিত বিজ্ঞাপনসমূহৰ ক্ষেত্ৰতো অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰা হয়।’’