ডিজিটেল ডেস্ক, ANEWS24X7: বলিউদৰ অভিনেতা অন্নু কাপুৰক বুকুৰ বিষত মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁক ছাৰ গংগা ৰাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইপিনে চিকিৎসকসকলে এতিয়ালৈকে হৃদ আক্ৰমণৰ বিষয়ে নিশ্চিত কৰা নাই। অন্নু কাপুৰৰ অৱস্থা এতিয়া স্থিৰ বুলি কৈচে চিকিৎসকে ।
ইপিনে ৬৬ বছৰীয়া অন্নু কাপুৰ এগৰাকী অভিনেতা, গায়ক, পৰিচালক, ৰেডিঅ’ জকী আৰু দূৰদৰ্শন সঞ্চালক। তেওঁ ১০০ খনতকৈও অধিক চলচ্চিত্ৰ আৰু টিভি ত কাম কৰিছে। তেওঁ ৪০ বছৰ ধৰি অভিনয়ৰ পৃথিৱীত সক্ৰিয় হৈ আছে। তেওঁৰ কেৰিয়াৰত কেইবাটাও বঁটা লাভ কৰিছে, যাৰ ভিতৰত আছে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা আৰু বিভিন্ন শ্ৰেণীত দুটা ভাৰতীয় দূৰদৰ্শন একাডেমী বঁটা।
আহাতে অন্নু কাপুৰক প্ৰথমবাৰৰ বাবে অমিতাভ বচ্চনৰ ১৯৭৯ চনৰ ছবি ‘কালা পাথাৰ’ত দেখা গৈছিল। পিছলৈ তেওঁ কেইবাখনো স্মৰণীয় চলচ্চিত্ৰত কাম কৰিছিল যাৰ ভিতৰত আছে ‘বেতাব’, ‘মাণ্ডি’, ‘আধাৰ্ষিলা’ আৰু ‘খাণ্ডাৰ’ৰ দৰে চলচ্চিত্ৰ।