Wednesday, November 6, 2024
Homeমনোৰঞ্জনঅনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰ ভুল গুলীচালনাৰ ফলত ঘৰতে গুলীৰ আঘাত গোবিন্দ

অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰ ভুল গুলীচালনাৰ ফলত ঘৰতে গুলীৰ আঘাত গোবিন্দ

ডিজিটেল ডেস্ক, ১অক্টোবৰ: জনপ্ৰিয় অভিনেতা গোবিন্দৰ ভৰিত গুলীৰ আঘাতৰ ফলত আজি পুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভিনেতাগৰাকী বিপদৰ পৰা মুক্ত হোৱাৰ বাবে তেওঁৰ মেনেজাৰে কয় যে তেওঁ ভালেই আছে। আজি পুৱা প্ৰায় ৪.৪৫ বজাত অভিনেতাজনৰ জুহুৰ ঘৰত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰ ভুল গুলীৰ ফলত আঘাতপ্ৰাপ্ত হয়।
শিৱসেনাৰ নেতাও ৬০ বছৰীয়া অভিনেতাজনে ঘটনাৰ সময়ত ঘৰতে অকলে আছিল আৰু ঘটনা সংঘটিত হোৱাৰ সময়তে কলকাতালৈ যাবলৈ সাজু হৈ আছিল বুলি তেওঁৰ মেনেজাৰ শশী সিনহাই জানিবলৈ দিয়ে। গোবিন্দৰ পত্নী সুনীতা আহুজা কলকাতাত আছে আৰু ভুল গুলীৰ খবৰ পাই মুম্বাইলৈ ৰাওনা হৈছে।

মিষ্টাৰ সিনহাই কয় যে গোবিন্দই ৰিভলভাৰটো আলমাৰীত ৰাখিছিল যেতিয়া ৰিভলভাৰটো মজিয়াত পৰি গুচি যায়। গুলীটোৱে তেওঁৰ আঁঠুৰ তলত খুন্দা মাৰিলে। অভিনেতাজনে পত্নী আৰু মেনেজাৰক মাতিলে। অলপ পিছতে আৰক্ষীয়ে তাত উপস্থিত হৈ ওচৰৰ ক্ৰিটিকেয়াৰ হাস্পতাললৈ লৈ যায়। অভিনেতাজনৰ মেনেজাৰে তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে। এতিয়াও তেওঁ চিকিৎসালয়ত আছে আৰু তেওঁৰ লগত আছে তেওঁৰ কন্যা টিনা।

আৰক্ষীয়ে জনোৱা মতে অভিনেতাজনে কোনো অভিযোগ পঞ্জীয়ন কৰা নাই।

অভিনেতা জনৰ মেনেজাৰে কয় যে, “কলকাতাত এটা শ্ব’ৰ বাবে আমাৰ পুৱা ৬ বজাত এখন বিমান ধৰিবলৈ আছিল আৰু মই বিমানবন্দৰত উপস্থিত হৈছিলোঁ। গোবিন্দ জীয়ে নিজৰ বাসগৃহৰ পৰা বিমানবন্দৰলৈ যাব ওলাইছিল যেতিয়া এই দুৰ্ঘটনা সংঘটিত হয়।” ভগৱানৰ কৃপাৰ বাবেই গোবিন্দ জীৰ ভৰিৰ আঘাতহে হৈছিল আৰু সেয়া কোনো গুৰুতৰ কথা নাছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments