ডিজিটেল ডেস্ক, ANEWS24X7: বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা চিৰসেউজ অভিনেতাজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্য ৷ মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৭৫ বছৰ ৷
শুক্ৰবাৰে ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হ’ব অভিনেতা নিপন গোস্বামীৰ ৷ আজি দিনৰ ২ বজাত অভিনেতা গৰাকীৰ নশ্বৰ দেহ নিয়া হ’ব তেওঁৰ বাসগৃহলৈ আৰু তাৰ পাছতে দিনৰ ২.৩০ বজাত নশ্বৰ দেহ নিয়া হ’ব জ্যোতি চিত্ৰবনলৈ।
গুণমুগ্ধ সকলে জ্যোতি চিত্ৰবনতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব।অভিনেতাজনৰ চিকিৎসাৰ সকলো ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে ৷ এই কথা জানিবলৈ দিয়ে মন্ত্ৰী অশোক সিংঘালে ৷
শুকুৰবাৰে পুৱা ৯ বজাত অভিনেতা গৰাকীৰ নশ্বৰদেহ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব । শুক্ৰবাৰে দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মাশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ অভিনেতাজনৰ বিয়োগৰ খবৰে ম্ৰিয়মান কৰিছে সমগ্ৰ অসম বাসীক৷
অভিনেতাজনৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী অতুল বৰা , প্ৰধানমন্ত্ৰী কাৰ্যালয়ে শোক প্ৰকাশ কৰিছে ৷ আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য , কৌতুক অভিনেতা অতুল পাচনী , অভিনেত্ৰী মলয়া গোস্বামী , নিশিতা গোস্বামীকে আদি কৰি ভালে সংখ্যক গুণমুগ্ধয় নেমকেয়াৰ হস্পাতাললৈ গৈ অভিনেতা জনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।