Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়আৰ্জেণ্টিনাৰ অভিনেত্ৰী ছিলভিনা লুনাৰ মৃত্যু

আৰ্জেণ্টিনাৰ অভিনেত্ৰী ছিলভিনা লুনাৰ মৃত্যু

ডিজিটেল ডেস্ক,ANEWS24X7:বৃহস্পতিবাৰে বুয়েনছ আয়াৰ্ছত বৃক্ক বিকল হৈ মৃত্যু হয় আৰ্জেণ্টিনাৰ অভিনেত্ৰী ছিলভিনা লুনাৰ।আৰ্জেণ্টিনাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী, মডেল আৰু টিভি উপস্থাপক ছিলভিনা লুনাৰ প্লাষ্টিক চাৰ্জাৰীৰ ফলত হোৱা স্বাস্থ্যজনিত জটিলতাৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত মৃত্যু হয়(Actress Silvina Luna dies after botched cosmetic surgery)।

২০১১ চনৰ পৰাই বৃক্ক বিকলতাৰ সৈতে যুঁজি আহিছিল ৪৩ বছৰীয়া চেলিব্ৰিটিগৰাকীয়ে।তেওঁৰ অধিবক্তা ফাৰ্নাণ্ডো বাৰ্লাণ্ডোৱে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি কয় যে চিকিৎসকে তেওঁক আকৌ এবাৰ ইনটুবেট কৰিবলগীয়া হোৱা বুলি কোৱাৰ পিছত পৰিয়ালৰ সদস্যসকলে তেওঁক লাইফ চাপৰ্টৰ পৰা সংযোগ বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লৈছে।অভিনেত্ৰী গৰাকী স্বাস্থ্য অৱনতি হোৱাৰ মূল সমস্যাই হল বছৰ বছৰ আগতে কৰা কচমেটিক চাৰ্জাৰীৰ সময়ত শৰীৰত বিষাক্ত পদাৰ্থ প্ৰয়োগ কৰাৰ পৰাই উদ্ভৱ হৈছিল, যিজন বদনামী চিকিৎসক অনিবাল ল’ট’কিয়ে অসৎ ব্যৱহাৰৰ বাবে বিচাৰৰ সন্মুখীন হৈছে।

ৰিয়েলিটি টিভিৰ প্ৰাক্তন তাৰকা লুনাক কিডনি ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল আৰু জীৱনটো টিকিয়াই ৰাখিবলৈ সপ্তাহত তিনিটাকৈ ডায়েলাইছিছ কৰিবলগীয়া হৈছিল, প্ৰত্যেকটো চাৰি ঘণ্টা ধৰি চলিছিল।প্লাষ্টিক চাৰ্জাৰীৰ সময়ত বা পিছত মানুহে অনুভৱ কৰিব পৰা জটিলতাৰ ফলত হোৱা মৃত্যুক সাধাৰণতে বিৰল বুলি ধৰা হয়। কিন্তু এই ধাৰণা থকাৰ পিছতো যোৱা কিছু বছৰত কেইবাজনো লোকৰ মৃত্যু হৈছে যাৰ কাৰণ এই পদ্ধতিসমূহ চলোৱাৰ বাবেই হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments