ডিজিটেল ডেস্ক, ANEWS24X7: বৰ্ধিত বিদ্যুত মাচুল সন্দৰ্ভত বিদ্যুত মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ বৃহৎ ঘোষণা ৷ অতিৰিক্ত ভাবে গ্ৰহণ কৰা বিদ্যুত মাছুল ঘূৰাই দিয়া হ’ব গ্ৰাহকক ৷
এই সন্দৰ্ভত মন্ত্ৰী নন্দিতা গাৰ্লোছায় কয় যে ,‘‘দি কোনো গ্ৰাহকৰ বিলৰ নামত মাচুল অতিৰিক্ত ভাৱে লোৱা হৈছিল সেয়া ঘূৰাই দিয়া হ’ব ৷’’
উল্লেখ্য যে স্মাৰ্ট মিটাৰৰ বিসংগতিৰ ফলত ৰাজ্যৰ বিদ্যুৎ গ্ৰাহক সকললৈ অতিৰিক্ত ভাবে বিদ্যুতৰ মাচুল আহিল ৷ ইয়াকে লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিছতে তদন্তৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷