Monday, July 21, 2025
Homeঅসমছয়গাঁৱত কংগ্ৰেছৰ কৰ্মী সভাত মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী

ছয়গাঁৱত কংগ্ৰেছৰ কৰ্মী সভাত মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী

দক্ষিণ কামৰূপৰ নৱ গঠিত বকো- ছয়গাঁও সমষ্টিৰ বনগাঁৱৰ শান্তি নিজৰা ক্লাৱ প্ৰাংগণত আজি অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ বিশেষ কৰ্মী সভা ৷ সভাত ‘২৬’ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ৰণডংকা বজায় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি  মল্লিকাৰ্জুন খাৰ্গে আৰু লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷

অসমত কংগ্ৰেছ চৰকাৰ আহিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু তেওঁৰ পৰিয়ালক জে’লত ভৰেৱাৰ হুমকি ৰাহুল গান্ধীৰ ৷ মোদীক মিছলীয়া প্ৰধান মন্ত্ৰী আৰু অসমৰ বিজেপি চৰকাৰক গৰু চোৰৰ চৰকাৰ আখ্যায়িত মল্লিকাৰ্জুন খাৰ্গেৰ ৷  কংগ্রেছ দলৰ সাধাৰণ সম্পাদক বিপুল গগৈ য়ে আঁত ধৰা কংগ্রেছ দলৰ এই বিশাল কৰ্মী সভাখনত কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকি ২০২৬ চনত কংগ্রেছ দলে ১০০ বছৰত ভৰি দিলে। এই ১০০বছৰৰ ৰাহুল গান্ধীক সহায় কৰা মানে দেশবাসীয়ে নিজকে সহায় কৰা হব বুলি কয়।

সভাৰ মধ্যমণি হিচাপে লোকসভাৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধী সভাত উপস্থিত থাকি কেন্দ্র আৰু ৰাজ্য অসমত বিজেপি নেতৃত্বধীন চৰকাৰ আৰু আৰ এচ এচক ক্ষুৰধাৰ সমালোচনা কৰি তুলাধনা দিয়ে। ভাষণ প্ৰসংগত তেওঁ কয় বিজেপি আৰু আৰ, এচ, এচ হিংসা বিয়োপয়া দল।

কংগ্রেছ সত্য আৰু অহিংসা ৰ পথত চলা দল। তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজকে অসমৰ ৰজা বুলি ভাবে। অসমৰ দৰিদ্ৰ জনজাতীয় লোকৰ ভূমি দখল কৰি আদানি, আম্বানী আৰু ৰামদেৱক গতাই আহিছে। মুখ্যমন্ত্রী গৰাকীক অসমৰ জনগণই প্ৰত্যাখ্যান কৰিছে বুলি লগতে ২৬ ত কংগ্রেছ দলৰ
চৰকাৰ হব বুলি এতিয়া মূখ্য মন্ত্রী গৰাকীয়ে ভয়ত কম্পমান হয় আছে বুলি কয়। উল্লেখ কৰি ২৬ ৰ পিছত মুখ্যমন্ত্রী গৰাকীক জেলত ভৰাব বুলি ৰাহুল গান্ধীয়ে হুংকাৰ দিয়ে। সভাত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধাক মনোজ চোহানেও বক্তব্য প্ৰদান কৰে ৷ সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments