Saturday, July 5, 2025
Homeঅসমজনজাতিকৰণ আৰু জাতিগত প্ৰমাণপত্ৰৰ বিচাৰি জানুৱাৰী প্ৰথম সপ্তাহৰ পৰা আন্দোলনঃ ' আছা'

জনজাতিকৰণ আৰু জাতিগত প্ৰমাণপত্ৰৰ বিচাৰি জানুৱাৰী প্ৰথম সপ্তাহৰ পৰা আন্দোলনঃ ‘ আছা’

গুৱাহাটী, ৩১জানুৱাৰী:  সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ফ্ৰেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ আদিবাসী সকলক জনজাতি ময্যদা প্ৰদান কৰা আৰু আদিবাসী জনগোষ্ঠীৰ কল ভীল কয়া চাওৰা চাওতাল বিড়ৰ আদি বিভিন্ন সমাজৰ জাতিগত প্ৰমাণ পত্ৰ লোকসভা নিৰ্বাচনৰ আগত প্ৰদান কৰাৰ দাবাীত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

এক প্ৰেছ বিবৃতিত আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ আৰু উপ সভাপতি দেবেন উৰাঙে জানিবলৈ দিয়ে যে, ১ ফেব্ৰুৱাৰী পৰা একসপ্তাহ আছাই ৰাজ্যজুৰি ন এছ টি ন ভোট ফৰ বিজেপি ন caste certificate ন ভোট ফৰ বিজেপি সমন্ধিত পোষ্টাৰ আৰু ওৱাল ৰাইটিং কৰিব । আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ আৰু উপ সভাপতি দেবেন উৰাং হুংকাৰ প্ৰদান কৰি বিজেপি চৰকাৰখনক কেইটামান প্ৰশ্ন উত্থাপন কৰিছে ৷

নেতাদ্বয়ে প্ৰেছ বিবৃতিটোত প্ৰশ্ন উত্থাপন কৰে- আদিবাসী সকলক জনজাতি মূলৰ মানুহ হোৱা পিছতো ভাৰত বৰ্ষৰ অন্যান্য ৰাজ্যত জনজাতি ময্যদা লাভ কৰা পিছতো কি কাৰণে বঞ্চিত কৰা হৈছে ? দ্বিতীয় হলআদিবাসী জাতিগত প্ৰমাণ পত্ৰ মুণ্ডা উৰাং কল ভীল কয়া চাওৰা চৱৰ মুণ্ডা চাওতাল ইত্যাদি হিচাপে পাব বিচাৰে কিন্তু কিয় স্ব গোষ্ঠীয় নেতা সকলৰ ৰাজনৈতিক চতুৰালিৰ বাবে( Ex TGL /TGL ) প্ৰাক্তন চাহ জনজাতি/চাহ জনজাতি হিচাপে দি আহিছে আদিবাসী সকল এই প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ অপাৰগ প্ৰকাশ ৷ জাতি এটা প্ৰাক্তন হব পাৰে নে বা কামক লৈ জাতি হব পাৰে নেকি ?

প্ৰেছ বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে অসমতে স্ব গোষ্ঠীয় নেতা সকলৰ বাবে ভাগ ভাগ নীতি অৱলম্বন কৰা হৈছে বুলি আছাৰ নেতাদ্বয়ে অভিযোগ উত্থাপন কৰিছে আদিবাসী সকলৰ বাবে বিটিএডি কাছাৰ ডিমাা হাচাওত আৰু কাছাৰত বেলেগত বেলেগ নিয়ম ৷ যেনে কাছাৰত শিলচৰ বৰাক ভেলীত দৈনিক মজুৰি ২২৮ আৰু ব্ৰহ্মপুত্ৰ অৰ্থাৎ উজনি মধ্য অসমত দৈনিক মজূৰি ২৫০ টকা এইটো ভাগ কৰা আৰু অন্যান্য কৰা নীতি হোৱা নাই নে ৷

ডিমা হাচাওত আদিবাসীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা নাই এইয়া অন্যায় কৰা নীতি হোৱা নাই নে ? বি টি আৰত অন্যান্য জনগোষ্ঠীৰ বাহিৰে বড়ো জনগোষ্ঠীৰ মাটি পট্টা প্ৰদান ব্যৱস্থা কৰা বা নামজাৰি কৰাৰ অধিকাৰ দিয়া হৈছে এইয়া অন্যাই কৰা নীতি হোৱা নাইনে ?  আছা ৰ সভাপতি প্ৰদীপ নাগ আৰু দেবেন উৰাঙে সকলোৱে মাৰ বান্ধি ঠিয় হবৰ বাবে প্ৰেছ বিবৃতিটোত আহ্বান জনায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments