Tuesday, June 17, 2025
Homeঅসমআদিবাসী জানি শক্তি সংগতি শালনা আঞ্চলিক সমিতি গঠন

আদিবাসী জানি শক্তি সংগতি শালনা আঞ্চলিক সমিতি গঠন

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) নগাঁও জিলা সমিতি আৰু আদিবাসী জানি শক্তি সংগতি নগাঁও জিলা সমিতিৰ যুটীয়া উদ্যোগত শালনা চাহ বাগিছা জিলা পুথিভঁৰালত আদিবাসী জানি শক্তি সংগতি শালনা আঞ্চলিক সমিতি খন এক শক্তিশালী ৰূপে গঠন কৰা হয়।

লগতে অঞ্চলটোৰ বিভিন্ন জলন্ত সমস্যা সমূ্হৰ ওপৰত এক সজাগতা সভাৰো আয়োজন কৰা হয়। সমিতি খনত সভানেত্ৰী শ্ৰীমতী আনিছা ভক্তা আৰু শ্ৰীমতী মিনতী মুৰাক সম্পাদিকা হিচাপে লৈ ২১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়।

সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক শ্ৰীপুৰন গঞ্জু, আছা নগাঁও জিলা সমিতিৰ সভাপতি থানেশ্বৰ গোঁড় , আছা নগাঁও জিলা সমিতিৰ বিষয়ববীয়া আৰু নগাঁও জিলাৰ আদিবাসী জানি শক্তি সংগতিৰ বিষয়ববীয়ানী লগতে প্ৰায় এক শতাধিক মহিলা সকল উপস্থিত থাকে। সভাৰ সিদ্ধান্ত মৰ্মে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments