আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) নগাঁও জিলা সমিতি আৰু আদিবাসী জানি শক্তি সংগতি নগাঁও জিলা সমিতিৰ যুটীয়া উদ্যোগত আদিবাসী জানি শক্তি সংগতি বালিজুৰী আঞ্চলিক সমিতি খন বালিজুৰী খেলপথাৰ প্ৰাংগনত গঠন কৰা হয়। আঞ্চলিক সমিতি খনত সভানেত্ৰী হিচাপে প্ৰমিলা গুড়িয়া আৰু সম্পাদিকা মালতী লাকড়া লৈ ২১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়।
লগতে চামগুৰি বৰদলৰ যশোদা দেৱী গোস্বামী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত আদিবাসী জানি শক্তি সংগতি বৰদল আঞ্চলিক সমিতি খন গঠন কৰা হয়। বৰদল আঞ্চলিক সমিতি খনত সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় বিউটি খেচ আৰু সম্পাদিকা হিচাপে পুজা ওৰাং লৈ ৩১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়।
আজি এই দুয়োখন সভাৰ সভাপতিত্ব কৰে আদিবাসী জানি শক্তি সংগতি নগাঁও জিলা সমিতিৰ সভানেত্ৰী বিনীতা ডডৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা অনিমা বিঞ্জোৱাৰ । সভাত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক পুৰন গঞ্জু, আছা নগাঁও জিলা সমিতিৰ সম্পাদক চন্দন দিগাল, আদিবাসী সেৱা সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সদস্য সুচীল টুটি ডাঙৰীয়া, প্ৰাক্তন আছা ধীৰেন ওৰাং, আদিবাসী জানি শক্তি সংগতি নগাঁও জিলাৰ উপ -সভানেত্ৰী উজ্জ্বলা মুৰা, সহ- সম্পাদিকা পূজা খাড়িয়া’, আছা বৰদল আঞ্চলিক সমিতিৰ সভাপতি দিগন্ত কুৰ্মী’, গাওঁ প্ৰধান চালমী তিৰ্কী লগতে আছাৰ বিষয়ববীয়া আৰু এশৰো অধিক ৰাইজ উপস্থিত আছিল।