আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) নগাঁও জিলা সমিতি আৰু আদিবাসী জানি শক্তি সংগতি নগাঁও জিলা সমিতিৰ যুটীয়া উদ্যোগত হাতীগাওঁ চাহ বাগিছা নামঘৰ প্ৰাংগনত আদিবাসী সকলৰ বিভিন্ন সমস্যা সমূ্হৰ ওপৰত সজাগতা সভা আয়োজন কৰাৰ লগতে আদিবাসী জানি শক্তি সংগতি হাতীগাওঁ আঞ্চলিক সমিতি খন গঠন কৰা হয় ।
সমিতি খনত সভানেত্ৰী হিচাপে প্ৰেমিকা লাকড়া আৰু সম্পাদিকা হিচাপে কল্পনা লাকড়া লৈ ২১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ২০২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। আৰু কাৰ্বি-আংলং জিলা বোকাজান অমৰাজানত এটি ছয় বছৰীয়া কনমানি শিশু আয়ূচী পুৰ্তিক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰা অভিযুক্ত ৰঞ্জিত বসুমতাৰীক ফাঁচী দিয়া দাবী জনোৱা হয়।
আজি সভাৰ সভাপতিত্ব কৰে আছা নগাঁও জিলা সমিতিৰ সভাপতি থানেশ্বৰ গোঁড় আৰু উদেশ্য ব্যাখ্যা কৰে আদিবাসী জানি শক্তি সংগতি নগাঁও জিলা সমিতিৰ সভানেত্ৰী শ্ৰীমতী বিনীতা ডডৰাই। সভাত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক পুৰন গঞ্জু, আছা নগাঁও জিলা সমিতিৰ সম্পাদক চন্দন দিগাল, আদিবাসী জানি শক্তি সংগতিৰ উপ – সভানেত্ৰী শ্ৰীমতী উজ্জ্বলা মুৰা, সম্পাদিকা শ্ৰীমতী অনিমা বিঞ্জোৱাৰ, অসম চাহ মজদুৰ সংঘ হাতীগাওঁ চাহ বাগিছা প্ৰাথমিক গোটৰ সভাপতি প্ৰতাপ এক্কা, সম্পাদক ইচাক তিৰ্কি লগতে দুই শতাধিক আদিবাসী ৰাইজ উপস্থিত আছিল।