ডিজিটেল ডেস্ক, ১৭ফেব্ৰুৱাৰী: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ এখন কায্যনিৰ্বাহক সভা আছাৰ সভাপতি প্ৰদীপ নাগৰ সভাপতিত্বত গুৱাহাটী INTUC ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ সভাত আদিবাসী সকলৰ জনজাতিকৰণ , আদিবাসী সকলৰ জাতীগত প্ৰমাণপত্ৰ , ম্যাদী পট্ৰা (উজনি .নামনি ,মধ্য বিটএডি), চাহ শ্ৰমিকৰ মজুৰি আদি বিষয় সমূহ বিশদভাৱে আলোচনা কৰা হয় ।
সভাত লোকসভা নিৰ্বাচনৰ আগত আদিবাসী জাতিগত প্ৰমাণপত্ৰ আৰু মাটি পট্টাৰ সমস্যাটো লোকসভা নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে সামাধান নকৰিলে বিজেপি বিৰোধী তীব্ৰ গণ আন্দোলনৰ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মাটি পট্টা আৰু শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বিজেপি চৰকাৰখনে সঠিক সিদ্ধান্ত নোলোৱা পয্যন্ত ধাৰাবাহিক ভাবে ন’ এছ টি ন’ ভোট ফৰ বিজেপি ন’ Caste Certificate ন’ ভোট ফৰ বিজেপি ন’ Land patta ন’ ভোট ফৰ বিজেপি লেখা পোষ্টাৰ ৰাজ্যজুৰি গাৱ বাগিছাত লগোৱাৰ সিদ্ধান্ত কায্যনিৰ্বাহক সভাই গ্ৰহণ কৰে ৷
মাৰ্চ মাহৰ ভিতৰত ছয়খন জিলাৰ অধিবেশন অনুষ্টিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই মৰ্মে ৮ মাৰ্চত গোলাঘাট জিলাত ৯ মাৰ্চত কাৰ্বিআলং জিলাত ১০ মা ৰ্চত যোৰহাট জিলাত আৰু ১১ মাৰ্চত শিৱসাগৰ জিলাত অধিবেশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ জিলা সমিতিৰ অধিবেশন শেষ হোৱাৰ পিছত কেন্দ্ৰীয় সমিতিৰ অধিবেশন অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
সভাত ২৪ মাৰ্চত উদালগুৰিত আদিবাসী(জনী ) মহিলা সমিতিৰ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কায্যনিৰ্বাহক সভাত আছাৰ অন্য ফৈদৰ উপসভাপতি ৰাজু তিৰ্কী আৰু সাংগঠনিক সম্পাদক নিতিশ গড়ে (প্ৰদীপ নাগ) ফৈদত যোগদান কৰে আৰু তেওঁলোকক সভাপতি প্ৰদীপ নাগে একোখনকৈ গামোচাৰে উষ্ম আদৰণি জনাই একেটা পদত কায্যনিৰ্বাহ কৰি যোৱাৰ বাবে সভাত ঘোষণা কৰে ৷
সভাত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিদ্বয় ৰেজান হৰ’ দেবেন উৰাং যুটীয়া সম্পাদক ৰাজা কুজুৰ পুৰণ গঞ্জু সাংস্কৃতিক সম্পাদক ডেবিড তিৰ্কী ভূমি ব্যৱস্থাপনা সম্পাদক ৰুহণ ভূমিজ ক্ৰীড়া সম্পাদকদ্বয় বেনডিক টপ্প .ইছাক লাক্ৰা বিত্ত সম্পাদক দীনেশ. টপ্প জন কুজুৰ শিক্ষা সম্পাদক দীপক নাগ সাংগঠনিক সম্পাদক বিশাল ধান কায্যলয় সম্পাদক পাউলোচ বাৰ্লা জিলা সভাপতি এলবাৰ্ট উড়িয়া অমৰজ্যোতি কেৰ্কেটা লগতে বিভিন্ন জিলা সমিতিৰ সভাপতি সম্পাদক সদস্য সকল উপস্থিত আছিল বুলি আছা’ৰ সম্পাদক নোৱাচ বাৰ্লাই এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে।