সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা ) কেন্দ্ৰীয় সভাপতি ৰেজান হৰোৰ সভাপতিত্বত তথা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত নাজিৰা চহৰৰ অসম চাহ মজদুৰ ভৱনত এক বিশেষ সভা অনুষ্ঠিত হয় ।
সভাখনিত আছা দুয়ো গোটৰ উপস্থিতত সংগঠনটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ এই সভাতে গডউইন গ্ৰুপৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চুৰেশ খেৰৱাৰৰ অনুমতি সাপেক্ষে উপ সভাপতি জোনাকী পাণ্ডৱ সহিতে জিলা বিষয়ববীয়া লগতে নাজিৰা আঞ্চলিক আৰু ডিমৌ আঞ্চলিকৰ সমূহ বিষয়ববীয়াই আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হ’ৰৰ নেতৃত্বৰ আছাত যোগদান কৰে ।
সভাত সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে জোনাকী পাণ্ডৱক সম্পাদক হিচাপে অজয় ভূঞাক উপ সভাপতি হিচাপে ললিত তাতী বিতুল কুৰ্মি দীপক নায়ক আৰু ৰাজা উৰাঙক আগন্তুক কায্যকাল চলাই নিবলৈ দায়িত্ব দিয়া হয় ৷
সভাখনিত আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰো,সাধাৰন সম্পাদক দেবেন উৰাং এ নিউজৰ পৰিচালন সঞ্চালক দেৱজিৎ তালুকদাৰ আৰু ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক মিটু কিস্কু উপস্থিত আছিল ।
সভাত শিৱসাগৰ জিলাৰ প্ৰত্যেকখন চাহ বাগিচাত প্ৰাৰ্থমিক সমিতি গঠন কৰা প্ৰস্তাৱ গ্ৰহণ কৰা হয় লগতে গাও বাগিচা অঞ্চলত (স্কুল চলো)স্কুল বলা কায্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
সভাৰ আৰম্ভণিতে আছাৰ সভাপতি ৰেজান আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে ঝুমইৰ গুৰু তথা অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সম্পাদক ভদ্ৰ ৰাজোৱাৰক লগ ধৰি চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমূহৰ আলোচনা কৰাৰ লগতে আদিবাসীৰ বিভিন্ন সমাজৰ সাংস্কৃতিক দিশৰ ওপৰতো আলোচনা কৰা হয় বুলি আছাৰ সম্পাদক গৰাকী জানিবলৈ দিছে ৷