ডিজিটেল ডেস্ক, ১০ফেব্ৰুৱাৰী: ভেৰগাঁৱৰ বৰঙ্গাজুলি চাহ বাগিচাত হামাৰ মাটি, হামাৰ বাগান, হামাৰ এচটি এইকেইটা মূল দাবীৰ উদ্দেশ্যেৰে আয়োজন কৰা বিশাল ২০ সংখ্যক আদিবাসী মহাসভাৰ দেওবাৰে সফল সামৰণি পৰে ।
বৰঙ্গাজুলি চাহ বাগিচাত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ সহযোগত অনুষ্ঠিত আদিবাসী মহাসভাৰ অন্তিমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক আদিবাসী লোকেৰে জন সমুদ্ৰত পৰিণত হয় বৰঙ্গাজুলি চাহ বাগিচা ।

জনজাতিকৰণ , ভূমি পাট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি দাবীৰে দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা পিছতো ৰজাঘৰীয়া ই কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । আদিবাসী মহাসভাত এফালে কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাই ভাষণ আগবঢ়াইছে , আনফালে শোভাযাত্ৰাত বিজেপি গ’ বেক , বিজেপি চৰকাৰ হুচিয়াৰ , বিজেপিৰ কাম নাই , এচ টি আমাৰ নাৰ্য্য দাবী , আছা লং লিভ , প্ৰদীপ নাগ জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি বৰঙ্গাজুলি চাহ বাগিচাৰ পৰা ডিমাকুছি চহৰলৈকে এক বিশাল শোভাযাত্ৰা উলিয়াই আকাশ-বতাহ কপাঁই তোলে।
মহাসভাৰ অন্তিমটো দিনত কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা, ইএম সঞ্জিৎ তাঁতী , ইএম দাওবাইছা বড়োকে ধৰি বহুকেইগৰাকী শাসনাধিষ্ট দলৰ নেতাৰ উপস্থিতিত নিৰ্দিষ্ট বক্তাৰ ভাষণত বিজেপি চৰকাৰক তুলাধূনা দিয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে ।
অন্তিম দিনৰ মুকলি সভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ দুই শতাধিক লোকেৰে ২০ সংখ্যক আদিবাসী মহাসভাৰ অধিবেশনস্থলী উদুলি-মুদুলি হৈ পৰে ।
প্ৰতিদিনে ভেৰগাঁৱৰ বৰঙ্গাজুলি চাহ বাগিচাত ২০ সংখ্যক আদিবাসী মহাসভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ হাজাৰ-হাজাৰ লোকেৰে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হয় ।
