Tuesday, July 8, 2025
Homeঅসমবিশ্বনাথ ধূলি মিছামাৰীত ১৯ তম আদিবাসী মহাসভা সম্পন্ন

বিশ্বনাথ ধূলি মিছামাৰীত ১৯ তম আদিবাসী মহাসভা সম্পন্ন

বিশ্বনাথ, ২৮জানুৱাৰী: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ই আছাৰ কেন্দ্ৰীয় সমিতি উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্গোগত ২৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা ১৯ তম আদিবাসী ধূলি আদিবাসী মহাসভা ৰ আজি অন্তিম দিনৰ কায্যসূচী সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আছাৰ মূখ্য উপদেষ্টা প্ৰদীপ হেম্বৰমে ৷ লোকে লোকাৰণ্য হৈ পৰা অনুষ্টিত মুকলি সভাত সভাপতিত্ব কৰে আছা ৰ সভাপতি প্ৰদীপ নাগে ৷

আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি তথা বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ আমন্ত্ৰিত অতিথৰ ভাষণ প্ৰদান কৰি বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই আদিবাসী সকলক জনজাতিকৰণ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷ মহাসভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ আগত অসমৰ আদিবাসী সকলক জনজাতি ময্যদা প্ৰদান কৰক লগতে জাতিগত প্ৰমাণ পত্ৰ T G L হিচাপে প্ৰদান নকৰি আদিবাসী উৰাং মুণ্ডা কল ভীল কয়া নিজ নিজ জাতিৰ নামত প্ৰদান কৰক ৷

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰক ৷ চাহ শ্ৰমিক আদিবাসী সকলক ম্যাদী পট্টা প্ৰদান কৰক ৷ গাও বসবাস কৰা আদিবাসীৰ মাটি শীঘ্ৰে ম্যাদী কৰণ কৰাৰ ব্যৱস্থা কৰক ৷

মুকলি সভাত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কায্যবাহী সদস্য পিটাৰ ডাং প্ৰাক্তন আছা নেতা শান্তিয়াছ কুজুৰ ৰিমিছ লিণ্ডা আদিবাসী আইকন লক্ষ্মী উৰাং অনিল টপ্প আছাৰ উপদেষ্টাদ্বয় ড°এডমাড চাওৰা প্ৰদীপ হেম্বৰম কাৰ্বি ছাত্ৰ সন্থাৰ মঙ্গল বে ড° ৰঞ্জিত গগৈ এ নিউজৰ সাংবাদিক দেৱজিৎ তালুকদাৰ আদিবাসী ৩৬ জনগোষ্ঠী ঐকমঞ্চৰ মূখ্য উপদেষ্টা জছোৱা জজৱাৰ সভাপতি বানেশ্বৰ মিৰ্ধা আছা ৰ উপসভাপতি ৰেজেন হৰ দেবেন উৰাং সম্পাদক নোৱাচ বাৰ্লা এ চি এম এছৰ হেলেম চাৰ্কোলৰ সম্পাদক পঙ্কজ দাস আদিবাসী মহাসভাৰ কায্যকৰি সভাপতি অমিত কিণ্ড লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন জিলা সমিতিৰ বিষয় ববীয়া উপস্থিত আছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments