ওদালগুৰি, ২ছেপ্তেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক নম্বৰ মিছলীয়া । বাগানৰ শ্ৰমিকৰ পাৰিশ্ৰমিক বঢ়ালে বা ৰংগ মঞ্চ বনালেই আদিবাসীৰ সমস্যা সমাধান হৈ নাযায়। জনজাতীয় কৰনকে ধৰি ছয়দফীয়া দাবীৰ সমৰ্থনত সোমবাৰে ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত দু -ঘন্টীয়া ধৰ্না কাৰ্যসুচী ৰূপায়ন কৰি এই মন্তব্য আদিবাসী ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ।
জনজাতি কৰনৰ নামত আদিবাসী সকলক বাৰে বাৰে প্ৰবঞ্চনা কৰি থকা বুলি উল্লেখ কৰি শীঘ্ৰে দাবী কাৰ্যকৰি নহলে আগন্তুক নিৰ্বাচনত আদিবাসী ৰাইজে বি জে পিৰ বিৰুদ্ধে সিদ্ধান্ত লব বুলি সকীয়াই দিয়ে।
ইপিনে সাম্প্ৰতিক পৰিস্হিতিক লৈ আছাৰ সভাপতি জনে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। একমাত্ৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু – মুছলমানৰ ৰাজনীতি কৰা বুলি সমালোচনা কৰে ।