ডিজিটেল ডেস্ক, ৩ফেব্ৰুৱাৰী: ‘নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ঠ চৰকাৰখনে জনজাতিকৰণ নকৰিলে সমগ্ৰ অসমতে বিজেপি বিৰুদ্ধে জংগী আন্দোলন কৰিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ই । এক প্ৰেছ বিবৃতি যোগে আছা ৰ সভাপতি প্ৰদীপ নাগে কয় যে জনজাতিকৰণ বিচৰাটো আমাৰ সাংবিধানিক অধিকাৰ । কিন্তু শাসকীয় চৰকাৰে এই বিষয়টো কেৱল নিৰ্বাচনী ইচ্ছ্যু হিচাপে জনজাতিকৰণ বিচৰা আদিবাসী কে প্ৰতিটো জনগোষ্ঠীক দীৰ্ঘদিনৰে পৰা প্ৰতাৰণা কৰি আহিছে । এইবাৰো আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় চৰকাৰখনে গেম প্লেন কৰিছে জনজাতিকৰণ বিষয়টোক লৈ । চৰকাৰে উক্ত বিষয়টো বিপথে পৰিচালিত কৰি জনগোষ্ঠীসমূহক বিভিন্ন টোপ প্ৰদান কৰিবলৈ উঠি-পৰি লাগিছে । কিন্তু এইবাৰ সেয়া হ’বলৈ দিয়া নহব বুলি নেতাগৰাকী হুংকাৰ প্ৰদান কৰিছে তেও শাসনাধিষ্ঠ চৰকাৰখনক মিছলীয়া আৰু জনগোষ্ঠী বিৰোধী আখ্যা দিছে ।
আছাৰ উপ সভাপতিদ্বয় ৰেজান হৰ আৰু দেবেন উৰাঙে কয় যে বিজিপয়ে আদিবাসী সকলক মাত্ৰ ভোটবেংক হিছাপে ব্যৱহাৰ কৰি আহিছে আৰু এইবাৰ লোকসভা নিৰ্বাচনতো চাহ শ্ৰমিক আদিবাসী ৰাইজক ভোট বেংক হিচাপে নিৰ্বাচনী বৈতৰণী পাৰ হব বিচাৰিছে এইয়া কেতিয়াও হব দিয়া নহব আৰু ইতিমধ্যে আছাই ১ ফ্ৰেব্ৰুৱাৰী পৰা বিজেপি বিৰোধী পোষ্টাৰ গাও বাগিচা অঞ্চলত আৰিব আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়া নিৰ্বাচনৰ আগলৈকে চলি থাকিব ।
নেতাত্ৰয়ে উল্লেখ কৰি কয় যে, চৰকাৰে কেৱল ৰাস্তা, ঘাট আৰু হিতাধিকাৰী সৃষ্টি কৰি জনজাতিকৰণ বিচৰা জনগোষ্ঠীসমূহক প্ৰলোভন দিব বিচাৰিছে । কিন্তু আমাৰ সাংবিধানিক ৰক্ষাকৱচ জনজাতিকৰণ দিবলৈ ইচ্ছ্যুক ন’হয় । আমাৰ নিজৰ পৰিচয় হিচাপে বৰ্তি থাকিবলৈ জনজাতিকৰণ লগতে নিজৰ জাতি হিচাপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিবই লাগিব ।
আমি নিজৰ জাতিগত প্ৰমাণ পত্ৰ উৰাং মুণ্ডা কল ভীল চাওতাল ইত্যাদি হিচাপে বিচাৰিছো চাহ জনগোষ্ঠী হিচাপে নহয় ৷ অন্যথা ‘আছা’ কোনো কাৰণতে ক্ষান্ত নহয় । আমাৰ আৱেগ-অনুভূতিক লৈ কোনোৱাই ৰাজনীতি কৰিব এইয়া আমি কেতিয়াও মানি নলও আৰু সেয়া হ’বলৈ দিয়া ন’হব বিবৃতিটোত উল্লেখ কৰিছে ৷
