Monday, July 7, 2025
Homeঅসমজনজাতিকৰণ আৰু জাতিগত প্ৰমাণপত্ৰৰ প্ৰদানৰ দাবীত লক্ষীমপুৰ, বঙাইগাঁওত পোষ্টাৰিং আছাৰ

জনজাতিকৰণ আৰু জাতিগত প্ৰমাণপত্ৰৰ প্ৰদানৰ দাবীত লক্ষীমপুৰ, বঙাইগাঁওত পোষ্টাৰিং আছাৰ

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই অসমৰ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন গোষ্ঠী কল,চৱৰ. গড়. ভীল, কয়া.চাওৰা ,চাওতাল, বিড়ড়, গঞ্জু ,পানিকা ,কন্দ আদিৰ শুদ্ধ জাতিগত প্ৰমাণ পত্ৰ লোকসভা নিৰ্বাচনৰ আগত প্ৰদান কৰাৰ দাবাীত আজি লক্ষীমপুৰ আৰু বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত ন এছ টি ন ভোট ফৰ বিজেপি ‘ন caste certificate ন ভোট ফৰ বিজেপি’ , ‘ন’ লেণ্ড পাট্টা ন’ ভোট ফৰ বিজেপি’ আদি শ্ল’গানেৰে পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

আছাৰ সভাপতি প্ৰদীপ নাগ, উপ সভাপতি দেবেন উৰাং আৰু সাধাৰণ সম্পাদক নোৱাচ বাৰ্লাই এক প্ৰেছ বিবৃতিত জনোৱা মতে এই প্ৰতিবাদ লোকসভা নিৰ্বাচনৰ আগমূহূৰ্তলৈকে অব্যাহত থাকিব।


আছাৰ নেতৃবৰ্গই প্ৰেছ বিবৃতিটোত লগতে উল্লেখ কৰে যে, আদিবাসী সকল জাতিগত প্ৰমাণ পত্ৰ মুণ্ডা উৰাং কল ভীল কয়া ইত্যাদি হিচাপে পাব লাগে কিন্তু একাংশ চাহ জনগোষ্ঠী নেতা সাংসদ পল্লব লোচন দাস, কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ জানি বুজি কৰা ভূলৰ বাবে ( Ex TGL /TGL ) প্ৰাক্তন চাহ জনজাতি/চাহ জনজাতি হিচাপে পাইছে আৰু এই চাহ জনজাতি বা প্ৰাক্তন চাহ জনজাতি প্ৰমাণপত্ৰ কোনো পধ্যেই গ্ৰহণযোগ্য নহয় । কাৰণ এই প্ৰমাণ পত্ৰ অসমৰ বাহিৰে কোনো ৰাজ্যতে প্ৰযোজ্য নহয় ৷

মন কৰিবলগীয়া যে, ড০ হিমন্ত বিশ্ব চৰকাৰখনে শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান নকৰা পৰ্যন্ত পোষ্টাৰিং, ৱাল ৰাংটিং ইত্যাদি গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে নেতাত্ৰয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments