ডিজিটেল ডেস্ক, ১৬ছেপ্তেম্বৰ: ADREৰ ‘প্ৰশ্নকাকত’ ফাদিল? পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাটছএপত। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ৰ মাত্ৰ ২৪ ঘণ্টাৰ পাছতেই ছচিয়েল মিডিয়াত প্ৰকাশ পালে প্ৰশ্নকাকত। প্ৰতাৰণা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো হোৱাটছএপত এই কাকতখন ব্যাপকভাৱে শ্বেয়াৰ কৰা হয়।
অসম ৰাজ্যিক নিযুক্তি ব’ৰ্ডে এই তথ্য ফাদিল সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।
খবৰ অনুসৰি ধেমাজি জিলাত সংঘটিত হৈছে এই ঘটনা। ধেমাজিৰ আৰক্ষী অধীক্ষক হিতেশ চ. ৰয়ে ইণ্ডিয়া টুডে এন ইক জনোৱা মতে, বৰ্তমান তদন্ত চলি আছে যদিও তদন্ত সম্পূৰ্ণ নোহোৱালৈকে এতিয়ালৈকে ক’বলগীয়া বিশেষ একো নাই।
এই ফাদিলৰ প্ৰতি সঁহাৰি জনাই অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ডাঙৰ ব্যৰ্থ আখ্যা দি সমালোচনা কৰি শৰ্মাক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। বৰাই দাবী কৰে যে এই ফাদিলটোৱে শৰ্মাৰ প্ৰশাসনৰ অবাধ দুৰ্নীতিৰ ওপৰত আলোকপাত কৰিছে।
পৰীক্ষাৰ ২৪ ঘণ্টাৰ ভিতৰতেই সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাক লৈ তদন্ত আৰম্ভ। ধেমাজিৰ উপেন্দ্ৰ নেশ্যেনল একাডেমীৰ প্ৰধান শিক্ষকসহ আন কেইবাগৰাকীও শিক্ষকক তলব জিলা আয়ুক্তৰ