ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ অশান্ত হৈছে আফগানিস্থান । তালিবান শাসিত আফগানিস্থানত পুনৰ সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা । বুধবাৰে আফগানিস্থানৰ ৰাজধানী চহৰ কাবুলৰ খেইৰ খানা অঞ্চলৰ এটা মছজিদত সন্ধিয়াৰ নামাজ পঢ়ি থকাৰ সময়ত সংঘটিত হৈছে এই বোমা বিস্ফোৰণৰ ঘটনা ।
বোমা বিস্ফোৰণটোৰ ফলত ২১ জন লোক নিহত হোৱাৰ লগতে ৪০ জন লোক আহত হৈছে । নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে আফগানিস্থান প্ৰশাসনে । বৰ্তমান ২৭ জন আহতক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইয়াৰে ভিতৰত এটা সাত বছৰীয়া শিশুও আছে ।
বিস্ফোৰণটোত মছজিদটোৰ ইমাম মোল্লাহ আমিৰ মহম্মদ কাবুলিৰ মৃত্যু হয়। উক্ত ঘটনাৰ দ্বায়িত্ব স্বিকাৰ কৰিছে বিশ্ব ত্ৰাস সন্ত্ৰাহবাদী সংগঠন ইছলামিক ষ্টেট ।