ডিজিটেল ডেস্ক, ANEWS24X7: বিবাহ পাশত আৱদ্ধ হ’ল বিশ্বৰ দুগৰাকী সমকামী বিশ্ব সুন্দৰীয়ে । সমাজৰ সকলো বাধা নেওচি বিয়াত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰে সুন্দৰী দুগৰাকীয়ে ।বিবাহ পাশত আৱদ্ধ হ’ল মিছ আৰ্জেণ্টিনা মাৰিয়ানা ভাৰেলাই আৰু মিছ পুয়েৰ্টো ৰিকো ফাবিওলা ভেলেণ্টিন । সামাজিক মাধ্যমৰ যোগেদি সোমবাৰে এই কথা সদৰী কৰে সমকামী বিশ্ব সুন্দৰী দুগৰাকীয়ে ।
২৮ অক্টোবৰত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিছিল । সমকামী সুন্দৰী দুগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চৰ্চা লাভ কৰিছে । সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নৱ বিবাহিত সুন্দৰী দম্পতী হালৰ বিবাহৰ ফটো আৰু ভিডিঅ’ ।
উল্লেখ্য যে , দুয়োগৰাকী সমকামী সুন্দৰীয়ে এখন সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰথমবাৰ লগ পাইছিল ৷ প্ৰথম দেখোতে ইগৰাকীয়ে আনগৰাকীৰ প্ৰেমত পৰিছিল ৷ দুবছৰীয়া প্ৰেমৰ অন্তত দুয়োগৰাকী সুন্দৰীয়ে বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ অনুৰাগী সকলে দুয়োগৰকী সন্দৰীক যু্গ্ম জীৱনৰ শুভকামনা যাচিছে ৷