Thursday, November 7, 2024
Homeঅসমপুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ

পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ

ডিজিটেল ডেস্ক, anews24x7: চৌদিশে মূল‍্যবৃদ্ধিয়ে কাল ৰূপ সৃষ্টি কৰাৰ সময়তে গৃহ নিৰ্মাণৰ বাবে ব‍্যৱহাৰ হোৱা সামগ্ৰীৰ মূল‍্যবৃদ্ধিয়ে বিপাঙত পেলাইছে এতিয়া সাধাৰণ ৰাইজক । গাঁৱৰ দৰিদ্ৰ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিত লাভ কৰে ৩২,৫০০ টকা ।

কিন্তু যোৱা এমাহৰ ভিতৰতে ইটাৰ মূল‍্য বৃদ্ধি হৈ বৰ্তমান ঠায়ে ঠায়ে ২৫০০ ইটাৰ দাম বৰ্তমান ৩৬০০০ টকাৰ পৰা ৪০০০০ টকালৈ বৃদ্ধি হৈছে । ইয়াৰ উপৰিও বৰ্তমান ৰঙিয়াত ইটাৰ হৈছে নাটনি । ইটাৰ ভাটা সমুহ চলি আছে যদিও বজাৰত ইটা নোপোৱা হৈছে। সেয়েহে এইসকল হিতাধিকাৰীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হৈছে। যাৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আহি পৰিছে ।

ইপিনে গৃহ নিৰ্মানত প্ৰয়োজনীয় চিমেণ্ট , শিল , বালিৰো মূল‍্যবৃদ্ধিয়ে বিপাঙত পেলাইছে হিতাধিকাৰী সকলক । চৰকাৰে দিয়া ১৫০০০০ টকাত ঘৰটো সম্পূৰ্ণ হব নে নহয় এই বিষয়ত সন্দেহৰ যথেষ্ট অৱকাশ ৰৈ গৈছে বাস্তৱ ক্ষেত্ৰত লগতে এইসকল হিতাধিকাৰীয়ে আহ্বান জনাইছে চৰকাৰৰ তথা প্ৰশাসনলৈ যে গৃহনিৰ্মানৰ বাবে চৰকাৰী অনুদান বৃদ্ধি কৰক নহলে মূল‍্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments