ডিজিটেল ডেস্ক, A NEWS 24×7 : ৰাজ্যত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নিত্য ব্যৱহাৰ্য আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ আহিছে। এইবাৰ ৰাজহ বৃদ্ধিৰ স্বাৰ্থত অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি কৰিছে ফিক্সড চাৰ্জ।
১ এপ্ৰিলৰ পৰা ৰাজ্যত কাৰ্যকৰী হোৱাকৈ অসম বিদ্যুৎ নিয়ামক আয়োগে নিৰ্ধাৰণ কৰিছে নতুন মাচুল। মাহে বিদ্যুতৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি। পূৰ্বে ফিক্সড চাৰ্জৰ বাবদ ১২০ টকাকৈ পৰিশোধ কৰি আহিছিল জনতাই।