ডিজিটেল ডেস্ক ANEWS24X7: শীঘ্ৰেই সলনি কৰা হ’ব দেশৰ অন্যতম চিকিৎসা কেন্দ্ৰ এইমছৰ নাম । দিল্লীকে ধৰি দেশৰ ভিন্ন প্ৰান্তত অৱস্থিত মুঠ ২৩ খন এইমছৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । স্বাধীনতা সংগ্ৰামী অথবা কোনো স্থানীয় বীৰৰ নামেৰে নামকৰণ কৰা হ’ব এইমছ সমূহ ।
ইয়াৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা পৰামৰ্শও বিচৰা হৈছে । চৰকাৰী সূত্ৰ মতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই সন্দৰ্ভত পৰামৰ্শ বিচৰাৰ পিছতে এইমছ কৰ্তৃপক্ষই এখন নতুন নামৰ তালিকা দাখিল কৰিছে ।