ডিজিটেল ডেস্ক ANEWS24X7: ৰাজ্যবাসীৰ পৰম আকাংক্ষিত চাংসাৰীস্থিত এইমছ মুকলিৰ বাবে মাজত মাথো কেইটামান দিন বাকী। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন । উল্লেখযোগ্য যে, ইতিমধ্যে প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে চিকিৎসা প্ৰতিষ্ঠানখনৰ।
পূৰ্ণ গতিত চলিছে চিকিৎসা প্ৰতিষ্ঠানখনৰ মূল পথকে ধৰি অন্যান্য কামসমুহ। ইপিনে সভাৰ স্থান, গাড়ী পাৰ্কিং, সুৰক্ষা ব্যৱস্থা, পথ, চৌহদৰ ফুলনি বাগিছা, বৃক্ষৰোপণকে ধৰি অন্যান্য কাম সমুহ পৰিদৰ্শন কৰি বাকী থকা কামসমূহ ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ ।
ইতিমধ্যে এইমছ ত ১৮ টা বিভাগৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৭৫০ খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান ১৫০ খন বিচনা কাৰ্য্যক্ষম হৈ আছে। চিকিৎসালয়খনত OPD সেৱা আগবঢ়াই থকা হৈছে যদিও প্ৰধানমন্ত্ৰীয়ে অহা ১৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।