ডিজিটেল ডেস্ক, ANEWS24X7: এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ অঘটন ৷ এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ সুৰাপায়ী যাত্ৰীৰ তাণ্ডৱ ৷ ব্যক্তি দুজনৰ বিৰুদ্ধে বিমানৰ ভিতৰত সুৰাৰ বটলেৰে লণ্ড-ভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
সোমবাৰে পাটনালৈ যোৱা এখন ইণ্ডিগো বিমানত সুৰাপান কৰা দুজন যাত্ৰীক গ্ৰেপ্তাৰ কৰে ৷ ইণ্ডিগো বিমান কৰ্তৃপক্ষৰ লিখিত অভিযোগৰ ভিত্তিত পাটনা আৰক্ষীৰ চিআইএছএফে বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে ব্যক্তি দুজনক ৷ ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সুৰাৰ বটল ৷
ঘটনাৰ বিৱৰণ দি ইণ্ডিগো এয়াৰলাইন কৰ্তৃপক্ষয় কয় যে ,‘‘যুৱক দুজনে নিচাগ্ৰস্ত অৱস্থাত পাটনা অভিমুখী বিমানখনত উঠিছিল ৷ তেওঁলোকৰ হাতত সুৰাৰ বটল আছিল ৷ ইয়াৰ পিছতে যুৱক দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ যৱক দুজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰা হৈছে ৷ বিমানৰ সকলো যাত্ৰী সুৰক্ষিত আছে ’’
