ডিজিটেল ডেস্ক, ANEWS24X7: মহানগৰীত বায়ু প্ৰদূষণৰ এক জটিল ৰূপ ৷ গুৱাহাটীত মুহূৰ্তত সলনি হৈছে বায়ু প্ৰদূষণৰ মাত্ৰা ৷ ভয়াৱহ বায়ু প্ৰদূষণে বিপদ মাতি আনিছে শ্বাস-প্ৰশ্বাসজনীত আক্ৰান্ত লোকৰ বাবে ৷ সম্প্ৰতি এনে পৰিৱেশক লৈ স্বাভাৱিকতে চিন্তিত এতিয়া মহানগৰবাসী ৷ ইপিনে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিক লৈ সতৰ্কতা চিকিৎসক, বিশেষজ্ঞৰ ৷
ইপিনে গুৱাহাটীৰ পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে ২০১৯ চনত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধীনত প্ৰস্তুত হৈছিল বিশেষ এক্সন প্লেন ৷ উদ্যোগ, বাণিজ্য, গড়কাপ্টানী, পৰিবহণ, বন, মহানগৰ উন্নয়ন, পৌৰ নিগমকে ধৰি মুঠ ছয় বিভাগে পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে কাম কৰাৰ লক্ষ্য লৈছিল ৷
এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে অসম পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত প্ৰস্তুত কৰা এক্সন প্লেন কাৰ্যকৰী কিমান হ’ল? পৰিকল্পনা অনুসৰি ছয় বিভাগে কাম নকৰাৰ বাবে আজি গুৱাহাটীত এই ভয়ংকৰ পৰিস্থিতি ৷ এই জটিল পৰিৱেশ ৰুধ কৰিবলৈ ৰাজপথত পানী ছটিওৱা, নিৰ্মাণ কাৰ্য চলি থকা স্থানত প্লাষ্টিকেৰে আবদ্ধ কৰি ৰখাকে ধৰি ভিন্ন পৰামৰ্শ প্ৰদূষণ পৰিষদৰ ৷
আনহাতে বুধবাৰৰ দিনটোত ভয়ংকৰ প্ৰদূষণৰ পিছতে দুই-এখন বাহনেৰে গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰিছে পানী ছটিওৱা পৰ্ব ৷ যিটো মাথোঁ এপাচি শাকত এটা জলকীয়া সদৃশ ৷ ফাগুন মাহৰ পূৰ্বে মহানগৰলৈ অহা এনে ভাবুকি স্বাভাৱিকতে এক অস্থিৰতাৰ ইংগিত। চৰকাৰৰ ছয় বিভাগে একলগ হৈ এই সময়ত কাম নকৰিলে প্ৰতিগৰাকী লোকৰ বাবে বিপদ নিশ্চিত ৷