ডিজিটেল ডেস্ক, ২৪ফেব্ৰুৱাৰী: অৱশেষত অখিল গগৈৰ পত্নীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।
অখিল গগৈৰ অধ্যাপিকা-পত্নীক লৈ অশালীন মন্তব্য কৰি বিতৰ্কত বদৰুদ্দিন আজমল, ক্ষমা বিচাৰি দোষ ঠেলিলে সংবাদ মাধ্যমলৈ।অখিল গগৈৰ অধ্যাপিকা-পত্নী গীতাশ্ৰী তামুলীক লৈ অশালীন মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে আজমল।
এটা ভিডিঅ’ বাৰ্তাত আজমলে কয়, ‘কালি প্ৰেছৰ মানুহে অখিল গগৈৰ পত্নীৰ কথা সোধাত মই কোৱা কথাখিনিয়ে যদি অখিল গগৈৰ পত্নী আৰু অন্য মহিলাক দুখ পাইছে, তেন্তে মই ক্ষমা বিচাৰিছোঁ।’তেওঁ লগতে কয়, ‘মোৰ কথাখিনিয়ে যদি দুখ দিছে মই এবাৰ নহয় ১০বাৰ ক্ষমা বিচাৰিম। মোৰ কোনো আপত্তি নাই।’বদৰুদ্দিনে লগতে কয়, ‘মই কথাখিনি বেইজ্জত কৰিবলৈ কোৱা নাছিলোঁ। কিন্তু একাংশ সংবাদ মাধ্যমে এইটো কিয় ইচ্ছ্যু বনাই দিছে। কিয় ইচ্ছ্যু কৰিছে মই বুজি পোৱা নাই। নাৰীক মই সন্মান কৰোঁ।’