Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত সংঘৰ্ষ , নিহত ৫০ জন জোৱান

আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত সংঘৰ্ষ , নিহত ৫০ জন জোৱান

 

ডিজিটেল ডেস্ক, ANEWS24X7: আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত পুনৰ সংঘৰ্ষ ৷ বিবাদিত নাগাৰনো-কাৰাবাখ অঞ্চল দখল কৰাকলৈ সংঘৰ্ষত লিপ্ত হয় দুয়োখন দেশ ৷ মঙলবাৰে পুৱতি নিশা আজাৰবাইজানে লক্ষ্য কৰি লয় আৰ্মেনিয়াৰ সামৰিক ঘাটি ৷ আজাৰবাইজানে আৰ্মেনিয়াৰ সামৰিক ঘাটিত মিচাইলেৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণত আৰ্মেলিয়াৰ ৫০ জন সৈনিক নিহত হয় ৷ এই কথা সদৰি কৰে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোলা পাছিনিয়ানে ৷ পাছিনিয়ানে কয় যে , ‘‘আজাৰবাইজানৰ আক্ৰমণৰ উপযুক্ত প্ৰতুত্তৰ দিবলৈ সাজু আৰমেনিয়াৰ সেনা ৷ ’’

উল্লেখ যে , ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ছভিয়েত গণৰাজ্যৰ দুখন দেশৰ দুখন দেশৰ মাজত হোৱা এই সংঘৰ্ষই যুদ্ধৰ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰিছে যুদ্ধ বিশেষজ্ঞ সকলে ৷ ইয়াৰ মাজতে আজাৰবাইজানৰ পক্ষত থিয় দিছে মুছলমান ৰাষ্ট্ৰ তুৰ্কী ৷ ইয়াৰ পূৰ্বেও ২০২০ চনত নাগাৰনো-কাৰাবাখ অঞ্চলকলৈ এক ৰক্তক্ষয়ী সংঘৰ্ষৰ সৃষ্টি হৈছিল দেশ দুখনৰ মাজত ৷

এই সংঘৰ্ষত দুইখন দেশৰ মুঠ ৬০০০ জন লোক নিহত হৈছিল ৷ সেই সময়ছোৱাত মস্কোৰ মধ্যস্থতাত যুদ্ধ বিৰতি ঘোষণা কৰিছিল দেশ দুইখন ৷ আৱশ্যে এতিয়া পৰিস্থিতি সুকিয়া ৷ বৰ্তমানেও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে ৷ এনে পৰিস্থিতিত মস্কোৱে এইবাৰ কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া লক্ষ্যনীয় হ’ব ৷

অবশ্যে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোলা পাছিনিয়ান আশাবাদী যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্ৰাদিমিৰ পুটিনৰ মধ্যস্থতাত পুনৰ দেশ দুখনৰ মাজত শান্তি প্ৰতিষ্ঠা হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments