Friday, November 8, 2024
Homeঅসমঅসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত কয়লা খনিৰ শ্ৰমিক অপহৃত হোৱা ঘটনা সন্দৰ্ভত অসম জাতীয়...

অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত কয়লা খনিৰ শ্ৰমিক অপহৃত হোৱা ঘটনা সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক, ১৯ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাত কয়লাখনিত কৰ্মৰত একাংশ শ্ৰমিকক উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়া ঘটনাটো উদ্বেগজনক আৰু বহুকেইটা দিশৰ পৰা তাৎপৰ্যপূৰ্ণ৷

প্ৰথমতে, অসমত উগ্ৰপন্থী সমস্যা সমাধান হৈছে আৰু ৰাজ্যত স্থায়ী শান্তি বিৰাজ কৰিছে বুলি চৰকাৰ ফালৰ পৰা দাবী কৰি অহা হৈছে যদিও উক্ত ঘটনাই চৰকাৰৰ দাবী অসাৰ বুলি প্ৰমাণ কৰিছ৷

দ্বিতীয়তে, তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে ব্যাপক হাৰত কয়লা টৰ অবৈধ খনন, পৰিবহন, সৰবৰাহ আৰু ছিণ্ডিকেট চলাৰ কথা সৰ্বজনবিদিত৷ অসম জাতীয় পৰিষদকে ধৰি দল-সংগঠনে দীৰ্ঘকাল ধৰি বিভিন্ন চৰকাৰী কৰ্তৃপক্ষক এই কথাবোৰ জনাই অহাৰ পিছতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰে কথা, ওলোটাই অভিযোগসমূহৰ সত্যতা অস্বীকাৰ কৰি আহিছে৷ পূৰ্বে প্ৰাঞ্জল মৰাণ সহ কেইবাগৰাকী লোক অবৈধ কয়লা খনিত মৃত্যু মুখত পৰাৰ পিছতো চৰকাৰ তথা আৰক্ষীয়ে একো ব্যৱস্থা লোৱা লোৱা নাই৷ এইবাৰ শ্ৰমিক অপহৰণৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে অপহৰণৰ কথাটো স্বীকাৰ কৰিছে যদিও কয়লাৰ অবৈধ খনন, সৰবৰাহ, পৰিবহন আৰু ছিণ্ডিকেটৰ বিষয়ে আৰক্ষী, প্ৰশাসন তথা চৰকাৰ মৌন হৈ আছে৷ কিন্তু এই ঘটনাই কয়লাৰ অবৈধ কাৰবাৰৰ সমগ্ৰ বিষয়টো পুনৰ পোহৰলৈ আনিলে৷

অসম জাতীয় পৰিষদে অপহৃত শ্ৰমিককেইজনৰ তাৎক্ষণিক মুক্তিৰ দাবী জনায়৷ দলে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ লিখি শ্ৰমিককেইজনৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে অসম আৰক্ষীৰে সমন্বয় স্থাপনেৰে শ্ৰমিককেইজনক যথাশীঘ্ৰে উগ্ৰপন্থীৰ হাতৰ পৰা মোকলাই অনাৰ ব্যৱস্থা হাতত লবলৈ অনুৰোধ জনায়৷

আনহাতে অসমত চলি থকা কয়লাৰ অবৈধ খনন, সৰবৰাহ, পৰিবহন আৰু ছিণ্ডিকেটৰ লগতে উক্ত প্ৰক্ৰিয়াৰ সৈতে জড়িত অবৈধ ধনৰ সৰবৰাহ বন্ধৰ ব্যৱস্থা লবলৈ অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীক দাবী জনায়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments