Tuesday, March 10, 2026
Homeঅসমঅৱশেষত কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ অখিল গগৈৰ

অৱশেষত কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ অখিল গগৈৰ

অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। কাজিৰঙাত সাংবাদিকৰ আগত এই ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। গৌৰৱ-ৰকিবুলৰ গাত দোষ জাপি প্ৰদ্যুৎ বৰদলৈক চেষ্টা ক্লীনশ্বীট দিয়াৰ চেষ্টা ৰাইজৰ দলৰ সভাপতিজনৰ।

মিত্ৰতা ভংগৰ বাবে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনলৈ দোষ ঠেলিলে অখিলে। অখিলে কয়, ‘‘গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবেই মিত্ৰতা নহ’ল। সকলো বাদ দি ৰাইজৰ দলে বিচাৰিছিল ধিং সমষ্টি।’’

অখিল গগৈয়ে লগতে কয়, ‘‘ধিং এৰি দিবলৈ অৱশেষত সন্মত হৈছিল প্ৰদুৎ বৰদলৈ। কিন্তু গৌৰৱ গগৈ ৰকিবুল হুছেইনে এৰি নিদিলে ধিং সমষ্টি।’’ সেইবাবেই মিত্ৰতা নহ’ল বুলি ঘোষণা অখিলৰ।মিত্ৰতা ভংগ কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে অখিল গগৈ। ইমানদিনে কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি হাবাথুৰি খোৱা অখিলে ক’লে, ‘‘কংগ্ৰেছ বুলি কোনো দল নাই। ব্যক্তিস্ৱাৰ্থৰ এটা দল হৈছে কংগ্ৰেছ।’’

গৌৰৱ গগৈকো আক্ৰমণৰ লক্ষ্য কৰি ল’লে অখিল গগৈয়ে। তেওঁ কয়, ‘‘গৌৰৱ গগৈৰ দাম্ভিক সিদ্ধান্তৰ বাবেই মিত্ৰতা নহ’ল। পূৰ্বৰ নিৰ্বাচনত কংগ্ৰেছ আমাক বিশ্বাসঘাতকতা কৰিছিল। APCCৰ ক্ষমতা পাই গৌৰৱ গগৈ বলিয়ান হ’ল। কংগ্ৰেছৰ তালিকা একপক্ষীয়।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments