অখিল গগৈৰ সংবাদমেল
গৌৰৱ গগৈক মুখ্যমন্ত্রী পাতিবৰ কাৰণে, অখিল গগৈ মন্ত্ৰী হ’বৰ বাবে মিত্ৰতা বিচৰা নাই। মোৰ মূখ্যমন্ত্ৰী হোৱাৰো লালসা নাই।
গৌৰৱ গগৈয়ে অখিল গগৈক ভাৰ্ছন২, ভাৰ্ছন৩ এইদৰে মন্তব্য কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ।
কথাবিলাক বিৰোধী ঐক্যমঞ্চৰ কাৰণে যোগাত্মক নহয়। জাতীয় স্বাৰ্থত মিত্ৰতাৰ বাবে আমি আন্তৰিকতাৰে চেষ্টা কৰিছো। কিন্তু কংগ্ৰেছে কেৱল নিজৰ দলৰ স্বাৰ্থৰ কথা কৈ আছে।
আমি যিমানেই বিৰেধী ঐক্যমঞ্চৰ বাবে চিন্তা কৰিছো, সিমানেই দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈয়ে যিবিলাক মন্তব্য কৰিছে, তাৰপৰা দেখা গৈছে যে তেওঁলোক মিত্ৰতাৰ প্ৰতি আগ্ৰহী নহয়।
ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেকো আহ্বান জনাইছিলো এইক্ষেত্ৰত সিদ্ধান্ত ল’বৰ বাবে।
যোৱা সময়ছোৱাত কংগ্ৰেছৰ শাসন কেনেকুৱা আছিল আমিজানো। কিন্তু তাতকৈ বেছি বেয়া কাম কৰিছে বিজেপি চৰকাৰে। বিজেপিয়ে অসমৰ সামাজিক গাঁঠনি ধ্বংস কৰিছে। আমি ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিব লাগিব। কিন্তু সভাপতি হোৱাৰ পৰা গৌৰৱ গগৈয়ে মিত্ৰতা সম্পৰ্কত স্পষ্টভাৱে একো কথা নকয়। অলপতে হৈ যোৱা নাগৰিক অভিৱৰ্তনতো এই সম্পৰ্কত গৌৰৱ গগৈয়ে বিৰোধী ঐক্যমঞ্চ হ’ব বুলি উল্লেখ নাইকৰা।
গৌৰৱ গগৈয়ে প্ৰতি সময়তে অখিল গগৈক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য দি আহিছে। কিন্তু মোক ইমানবিলাক ব্যক্তিগত আক্ৰমণ কৰাৰ পাছতো মই গৌৰৱ গগৈক তাচ্ছিল্য সূচক কথা কোৱা নাই। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মই এইবিলাক কথাত ধৈৰ্য ধৰিছো।
কিন্তু গৌৰৱ গগৈয়ে আমাক উচতাই আছে আৰু বিৰোধী ঐক্যমঞ্চ বিষয়টোৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পিছুৱাই আছে।
পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধ নোহোৱাৰ বাবে বিজেপি লাভাম্বিত হ’ল। ২৬ ৰ নিৰ্বাচনত ঐক্যবদ্ধ ভাৱে অৱৰ্তীৰ্ণ নহ’লে পুনৰ বিজেপিয়েই শাসনলৈ আহিব।
গৌৰৱ গগৈক মুখ্যমন্ত্রী পাতিবৰ কাৰণে, অখিল গগৈ মন্ত্ৰী হ’বৰ বাবে মিত্ৰতা বিচৰা নাই। গৌৰৱ গগৈয়ে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰি এইবিলাক কথা কৈ থাকিলে এদিন ধৈৰ্যচ্যুতি ঘটিব। আৰু সেইদিনা মিত্ৰতাৰ কথাটো আৰু সম্ভৱ নহ’ব। আৰু ইয়াৰ ফলাফল ভাল নহ’ব। তেতিয়া ৰাইজৰ দলে যি সিদ্ধান্ত ল’ব, তাৰ পৰা কেতিয়াও ৰাইজৰ দল পিছহুঁহুকি নাহিব। এইদৰে প্ৰকাৰান্তৰে কংগ্ৰেছ দলক সঁকিয়নি দিলে অখিল গগৈয়ে।
গগৈয়ে আৰু কয়, যোৱা লোকসভা নিৰ্বাচনত ৰাইজৰ দলে গৌৰৱ গগৈক যিদৰে সহায় কৰিলে, তাৰ পিছতো গৌৰৱ গগৈয়ে অলপো কৃতজ্ঞতা প্ৰকাশ নকৰিলে। নূন্যতম কৃতজ্ঞতাৰ খাতিৰতে গৌৰৱ গগৈয়ে এনে কথা কোৱাটো উচিত হোৱা নাই।
কংগ্ৰেছৰ দিনতে মই সৰ্বাধিক বাৰ জেললৈ গৈছো। ২০ বাৰ কংগ্ৰেছৰ দিনত আৰু ১৬ বাৰ বিজেপিৰ দিনত। তৎস্বত্বেও মই মিত্ৰতাৰ কথা কৈ আছো কেৱল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত।
উচ্ছেদ সন্দৰ্ভতো মন্তব্য অখিল গগৈৰ। বিজেপি চৰকাৰে নিজৰ মতে একাংশ সংবাদ মাধ্যমৰ জৰিয়তে অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ গগৈৰ। উচ্ছেদথলীত আৰক্ষীৰ গুলীত উচ্ছেদিত লোক নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ অখিল গগৈ। অসমত বিজেপি চৰকাৰে মুছলমানক টাৰ্গেত কৰি লৈছে বুলি মন্তব্য অখল গগৈৰ।
আনহাতে উৰিয়ামঘাটততো বিজেপিয়ে উচ্ছেদ চলাবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধেও সৰৱ অখিল গগৈ। অকল মুছলমান কাৰণেই কাৰোবাৰ ঘৰ ভাঙি দিয়াৰ ঘোৰ বিৰোধী বুলি মন্তব্য অখিল গগৈৰ।