তীৰ্থ বৰা, নগাঁও: গুৱাহাটীৰ ভয়ংকৰ বানপৰিস্থিতিৰ সন্দৰ্ভত নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
– গুৱাহাটীৰ উন্নয়ন দপ্তৰ বিভাগটোৰ দায়িত্ব কৰ্তন কৰিব লাগে অশোক সিংঘাল নামৰ বেপাৰীজনৰ পৰা।
– এজন বিল্ডাৰক দপ্তৰটো প্ৰদান কৰি উদক ভেটা ৰখীয়া পতাৰ দৰে কথা হে হৈছে। ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবলৈ ৰাইজে অশোক সিংঘালক মন্ত্ৰী পতা নাছিল।
কাজিৰঙাৰ পঞ্চতাৰকা যুক্ত হোটেল নিৰ্মাণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈৰ।
– কাজিৰঙাত পঞ্চ তাৰকা যুক্ত হোটেল নিৰ্মাণ কৰিব লাগে নে নালাগে সেই সন্দৰ্ভত অতি সোনকালে এক ৰাজহুৱা শুনানী গ্ৰহণ কৰিব লাগে।
কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত মন্তব্য অখিল গগৈৰ –
– অহা কাইলৈ কংগ্ৰেছৰ সৈতে এক বৈঠকত মিলিত হব লুৰিন জ্যোতি গগৈ আৰু অখিল গগৈ।
– উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব লাগে সকলোৱে।
মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰা প্ৰসংগত মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ –
– এনেকুৱা কথা ভাৰতৰ ইতিহাসত কোনো ঠাইতে নাই, এইয়া অসংবিধানিক, বিভাজনৰ ৰাজনীতি।
– আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে শেখ হসিনাৰ ঘটনাৰ পৰা শিক্ষা লোৱা উচিত।