গোলকগঞ্জ, ৬নৱেম্বৰ:ধুবুৰী জিলাৰ আগমণিত আক্ৰাছুৰ জোৰ সমদল। ধুবুৰী জিলা আক্ৰাছু, কোঁচ ৰাজবংশী মহিলা সমিতি, চিলাৰায় সেনাৰ উদ্যোগত আগমণি আঞ্চলিক আক্ৰাছুৰ সহযোগত বিশাল জোৰ সমদল উলয়ায়। কোঁচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া পৃথক কমতাপুৰ আৰু জনজাতীকৰণৰ দাবীত আজি দল কেইটাই প্ৰতিবাদী সমদল উলিয়ায়।
আগমণি চিলাৰায় পাৰ্কৰ পৰা কালডোৱা বজাৰ লৈ উলিওৱা দুই হাজাৰোধিক কৰ্মী থকা সমদলটোত আক্ৰাছু জিন্দাবাদ, কমতাপুৰ আমাক লাগিবই, কমতাপুৰ আমাৰ ন্যায্য দাবী আৰু বেজেপি চৰকাৰ মূৰ্দাবাদ, বিজেপি চৰকাৰ গো বেগ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। উল্লেখ যে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণৰ দাবীক চৰকাৰে বাৰে বাৰে প্রতাৰণা কৰাৰ বাবে আজি আক্ৰাছু, চিলাৰায় সেনা, কোঁচ ৰাজবংশী মহিলা সমিতিয়ে পুণৰ আন্দোলৰ কাৰ্য্যসূচী হাতত হয়।