ডিজিটেল ডেস্ক, ANEWS24X7: ফুটবল বিশ্বকাপ বৰ্জন কৰিবলৈ আহ্বান আল-কাইদাৰ ৷ বিশ্ব ত্ৰাস সন্ত্ৰাসবাদী সংগঠন আল-কাইদাই ফুটবল বিশ্বকাপ বৰ্জন কৰিবলৈ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে ৷ মুছলমান লোক সকলক ফুটবল বিশ্বকাপ বৰ্জন কৰিবলৈ জাননী জাৰি কৰিছে আল-কাইদাই ৷
য়েমেনস্থিত ‘আল-কায়দা ইন আৰৱ পেনিনছুলা’ই কয় যে, “বিশ্বকাপৰ নামত বহুতো অনৈতিক লোকে কাটাৰত প্ৰৱেশ কৰিছে।আমি আমাৰ মুছলমান ভাতৃসকলক বিশ্বকাপত অংশগ্ৰহণ নকৰিবলৈ আৰু ইয়াক বন্ধ কৰিবলৈ অনুৰোধ জনাইছো।এনে প্ৰতিযোগিতা এখন মুছলমান দেশত অনুষ্ঠিত হোৱাটো উচিত নহয়।”
সন্ত্ৰাসবাদী সংগঠনটোৰ মতে ফুটবল বিশ্বকাপৰ ফলত সমকামী, দুৰ্নীতিগ্ৰস্ত, অধৰ্মী লোক সকল কাটাৰলৈ আহিব। সেয়েহে আল-কায়দাই বিশ্বকাপ বন্ধ কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে কাটাৰত মানৱ অধিকাৰ উলংঘনৰ ঘটনা পোহৰলৈ অহাৰ পিছতে পশ্চিমীয়া দেশসমূহৰ বহু লোকে কাটাৰ বিশ্বকাপ বৰ্জনৰ আহ্বান জনাইছিল ৷ এই সন্দৰ্ভত বহু প্ৰাক্তন ফুটবল খেলুৱৈয়েও সমৰ্থন জনাইছিল ৷ ইয়াৰ মাজতে আল-কাইদাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকি পত্ৰয় সংকিত কৰি তুলিছে বিশ্ববাসীক ৷