ডিজিটেল ডেস্ক, A NEWS 24×7: চানচিলিক, ৰেড নাইটিৰ পাছত এইবাৰ মদৰ বাবে নলবাৰীত স্থগিত হ’ল এখন বিবাহ। বৃহস্পতিবাৰৰ কইনাঘৰৰ বিয়াৰ চোতাল দিনৰ ভাগত সুন্দৰভাৱে পাৰ হৈছিল যদিও নিশা দৰা আহি পোৱাৰ পিছতে লাগে অথন্তৰ। সুৰাৰ নিচাত বিবাহ মণ্ডপতে শুই পৰে দৰা। অতিৰিক্ত সুৰাপান কৰি বিবাহ কৰাবলৈ অহা দৰাৰ অৱস্থা দেখি ওলাই নাহিল কইনা।
দৰাৰ ৰূপ দেখি কইনাই ক’লে মদাহী দৰাৰ লগত মই বিয়াত নবহো। বিবাহ অনুষ্ঠান পৰিণত হয় ৰাইজ মেলৰ বাকৰিত। গাঁওপ্ৰধান, স্থানীয় জ্যেষ্ঠ নাগৰিক সমন্বিতে ৰাইজ আলোচনাত বহে। শেষত কইনাৰ মত লৈ বিবাহ বাতিল কৰে। কইনা নিবলৈ অহা নিচাগ্ৰস্ত দৰা কইনা অবিহনেই উভতি যায় ঘৰলৈ।
গোটেই ঘটনা সহিব নোৱাৰি কইনাৰ পিতৃক হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। বিষয়ক সন্দৰ্ভত কইনা পক্ষই দাখিল কৰিছে এজাহাৰ।