Saturday, November 9, 2024
Homeমনোৰঞ্জননাম সলনি কৰিব আলিয়া ভট্টে , কি হ’ব আলিয়াৰ নতুন নাম

নাম সলনি কৰিব আলিয়া ভট্টে , কি হ’ব আলিয়াৰ নতুন নাম

ডিজিটেল ডেস্ক ANEWS24X: বিবাহৰ পিছত পত্নীয়ে নিজৰ উপাধী ত্যাগ কৰি স্বামীৰ উপাধি গ্ৰহণ কৰাৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে ৷ বৰ্তমানেও এই পৰম্পৰা ধৰি ৰাখিছে ভাৰতীয় মহিলা সকলে ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় বলিউডৰ তাৰকা সকলো ৷

এইবাৰ নিজৰ উপাধি ত্যাগ কৰি স্বামীৰ উপাধি গ্ৰহণ কৰিলে বলিউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট্টে ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত বলীউডৰ তাৰকা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেত্ৰী গৰাকীয়ে তেওঁৰ নাম সলনি কৰি আলিয়া ভাট্ট-কাপুৰ কৰাৰ কথা ঘোষণা কৰে ৷

এই সন্দৰ্ভত হোৱা এক সাক্ষাতকাৰত আলিয়া ভট্টে কয় যে , ‘‘ তেওঁ এই কাম কৰিবলৈ পায় অতি সুখি অনুভৱ কৰিছে ৷ এই কাম কৰিবৰ বাবে আগৰে পৰা ইচ্ছা প্ৰকাশ কৰিছিল যদিও ব্যস্ততাৰ বাবে এই কাম কৰিবলৈ সময় পোৱা নাছিল ৷ তেওঁ নিজতে আলিয়া ভট্ট কাপুৰ হিচাপে পৰিচয় দি সুখি অনুভৱ কৰে ৷ ইয়াৰ বাবে তেওঁ অতি সোনকালে নথি-পত্ৰৰ ওপৰত আনুষ্ঠানিকভাৱে নিজৰ নাম সলনি কৰিব ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments