Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ চিৰাপ

নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ চিৰাপ

 

ডিজিটেল ডেস্ক,ANEWS24X7:  কফ চিৰাপ খোৱাৰ ফলত মৃত্যু হৈছিল ৯৯ টা শিশুৰ ৷ ইয়াৰ পিছতে ইণ্ডোনেচিয়া চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দেশখনত নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ চিৰাপ আৰু তৰল ঔষধৰ বিক্ৰী ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ইণ্ডোনেছিয়া চৰকাৰে ৷

ইণ্ডোনেছিয়াৰ স্বাস্থ্য মন্ত্ৰী বুদি গুণাদি চাদিকিনে কয় যে,‘‘কিছুমান স্থানীয়ভাৱে ব্যৱহৃত ঔষধত এনে ধৰণৰ ৰাসায়নিক উপকৰণ পোৱা গৈছে ৷ ইয়াৰ ফলত জটিল বৃক্কৰ ৰোগ থকা পাঁচ বছৰৰ তলৰ ৰোগীৰ ক্ষেত্ৰত ব্যৱহৃত কিছু চিৰাপত ডি-ইথিলিন গ্ৰাইকল আৰু ইথিলিন গ্লাইকলৰ উপস্থিতি পোৱা গৈছে ৷ কফ চিৰাপৰ ফলত মৃত্যুহোৱা শিশুৰ প্ৰকৃত সংখ্যা আৰু অধিক হ’ব পাৰে ৷ ’’

উল্লেখ্য যে , কিছুদিন পূৰ্বে গাম্বিয়াত কফ চিৰাপ খোৱাৰ ফলত ৭০ জন শিশুৰ মৃত্যু হৈছিল ৷ ইয়াৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত নিৰ্মিত পাঁচটা কফ চিৰাপ নিষিদ্ধ কৰিছে ৷ ইণ্ডোনেছিয়া কৰ্তৃপক্ষই গাম্বিয়াত ব্যৱহৃত কফ চিৰাপ বিক্ৰী কৰা হোৱা নাই বুলি সদৰী কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments