Thursday, November 7, 2024
Homeঅসমআজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা

ডিজিটেল ডেস্ক, anews24x7: জয় মা কামাখ্যা ।আজিৰে পৰা অম্বুবাচীৰ মহাযোগ আৰম্ভ হ’ব। শক্তিপীঠ কামাখ্যা দেৱালয়ৰ দুৱাৰ ২৩, ২৪ আৰু ২৫ জুন তাৰিখে বন্ধ থাকিব।গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰত থকা শক্তিপীঠক দেৱী সতীৰ ৫১টা শক্তিপীঠৰ ভিতৰত এটা বুলি বিশ্বাস কৰা হয়।

এই শক্তিপীঠক দেশ–বিদেশৰ সকলো ভক্তই শ্ৰদ্ধাৰে পূজা–অৰ্চনা কৰে। অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰ প্ৰাংগণত এখন মেলাৰ আয়োজন কৰা হয়। এই মেলাত লক্ষাধিক ভক্তৰ আগমন ঘটে।

২২ জুন অৰ্থাৎ আহাৰ মাহৰ ৬ তাৰিখে নিশা ২ বাজি ৩০ মিনিট ৪২ চেকেণ্ডত প্ৰবৃত্তি হ’ব। এই শক্তিপীঠ কামাখ্যা দেৱালয়ৰ দুৱাৰ অহা ২৩, ২৪ আৰু ২৫ জুন তাৰিখে বন্ধ থাকিব।

২৬ জুনত ৰাতিপুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পাছ তীৰ্থযাত্ৰীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। আনহাতে এইবাৰৰ অম্বুবাচীত ভক্তসকলে উৎকট গৰমৰ পৰা কিছু সকাহ লাভ কৰিব পৰাকৈ মন্দিৰ প্ৰাংগণত এটা ‘ৰেডিয়েণ্ট কুলিং ছিষ্টেম’ সংস্থাপন কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments