Friday, November 8, 2024
Homeমনোৰঞ্জনকলকতাত পুনৰ জব্দ বৃহৎ পৰিমানৰ ধন , আমিৰ খানৰ পৰা কেইবা কোটি...

কলকতাত পুনৰ জব্দ বৃহৎ পৰিমানৰ ধন , আমিৰ খানৰ পৰা কেইবা কোটি টকা জব্দ

ডিজিটেল ডেস্ক, ANEWS24X7: পশ্চিমবংগত পুনৰ ইডিৰ অভিযান ৷ ইডিয়ে কলকাতাৰ পৰা জব্দ কৰিলে পুনৰ বৃহৎ পৰিমাণৰ ধন ৷ উদ্ধাৰ হোৱা ধন গণিবৰ বাবে আনিব লগীয়া হৈছিল ৮ টাকৈ ধন গণা মেছিন ৷ জব্দকৃত ধনখিনি নিবলৈ ইডিয়ে আনিব লগীয়া হৈছিল দহটা ট্ৰাংক ৷

শনিবাৰে পুৱা ৮.৩০ বজাত কলকাতা চহৰৰ ছয়টা স্থানত ইডিয়ে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ ধনখিনি ৷ কলিকতাৰ গাৰ্ডেনৰিচৰ এজন পৰিবহণ ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ ধন ৷ আমিৰ খান নামৰ এই ব্যৱসায়ীজনৰ নিউ টাউনস্থিত কাৰ্যালয়ৰ পৰা ইডিয়ে জব্দ কৰে প্ৰায় ১১ কোটি টকা ৷

শনিবাৰে এক প্ৰেছ বিজ্ঞপ্তিত ইডিয়ে কয় যে , নিছাৰ আহমেদ খানৰ পুত্ৰ আমিৰ খানৰ বিৰুদ্ধে পাৰ্ক ষ্ট্ৰীট আৰক্ষী থানাত প্ৰৱঞ্চনাৰ অভিযোগ পঞ্জীয়ন কৰা হৈছে । আমিৰকে ধৰি কেইবাজনো লোকে এটা মোবাইল গেমিং এপৰ জৰিয়তে বহুতো গ্ৰাহকক প্ৰতাৰণা কৰিছে বুলি অভিযোগ কৰা হৈছে । এই সন্দৰ্ভত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতত এটা গোচৰো ৰুজু কৰা হৈছে। ইডিয়ে শনিবাৰে ৰাতিপুৱাৰ পৰা গোচৰটোৰ সন্দৰ্ভত এটা অনুসন্ধান অভিযান আৰম্ভ কৰিছিল ৷ আৰু এই অবিযানতে আমিৰৰ গাৰ্ডেনৰিচ ঘৰৰ উপৰিও তেওঁৰ নিউটাউন কাৰ্যালয়ৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰা হৈছিল। তালাচী অভিযানৰ সময়ত আমিৰৰ একাধিক ভুৱা একাউণ্টো পোৱা গৈছিল ৷

ইডিৰ মতে, আমিৰে ‘ই-নাগেটছ’ নামৰ এটা মোবাইল গেমিং এপৰ জৰিয়তে গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। আৰম্ভণিতে, গেমটোত অংশগ্ৰহণ কৰা গ্ৰাহকসকলে সেই এপ্পৰ জৰিয়তে কমিছন লাভ কৰিছিল। এপ্পৰ জৰিয়তে, তেওঁ তেওঁৰ ৱালেটত থকা টকাখিনি সহজে উলিয়াব পাৰিছিল । এনেদৰে, গ্ৰাহকসকলৰ বিশ্বাস অৰ্জন কৰাৰ পিছত, আমিৰে ইয়াৰ সুবিধা লৈছিল । অভিযোগ কৰা হৈছে যে যদি গ্ৰাহকসকলে অধিক মুঠ কমিছনৰ লোভত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল , তেন্তে ধন উলিওৱা হঠাতে বন্ধ হয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments