ডিজিটেল ডেস্ক, ANEWS24X7: অক্টোবৰত অসম ভ্ৰমণলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ অহা ৭ অক্টোবৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৮ অক্টোবৰ অমিত শ্বাহ আহিব অসমলৈ ৷
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলীয় কৰ্মীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব ৷ আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷
গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত বশিষ্ঠস্থিত বিজেপিৰ নতুন কাৰ্যালয় মুকলি কৰিব ৷ ইয়াৰ ওপৰিও খানাপাৰা খেলপথাৰত বিজেপিৰ কাৰ্যকৰ্তাৰ বিশাল সন্মিলন অংশগ্ৰহণ কৰিব ৷