Tuesday, March 10, 2026
Homeঅসমবিজেপিয়ে অসমক অনুপ্ৰবেশকাৰীৰ পৰা মুক্ত কৰিব: অমিত শ্বাহ

বিজেপিয়ে অসমক অনুপ্ৰবেশকাৰীৰ পৰা মুক্ত কৰিব: অমিত শ্বাহ

শিলচৰ,২০ফেব্ৰুৱাৰী:অনুপ্রবেশকাৰীক এটা এটা কৈ বিচাৰি উলিওৱা হ’ব। বিজেপিয়ে অসমক অনুপ্ৰবেশকাৰীৰ পৰা মুক্ত কৰিব।প্ৰতিজন অনুপ্ৰৱেশকাৰীক ধৰা পেলাই নিজৰ দেশলৈ বিতাড়িত কৰা হ’ব । ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাছাৰ জিলাৰ নাথানপুৰত ৬,৮৩৯ কোটি টকাৰ ভাইব্র্যান্ট ভিলেজেস প্রোগ্রাম-টু (ভিভিপি-২) আচঁনিৰ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে এই কথা কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অহা বছৰ বিধানসভা নিৰ্বাচনৰ পিছত ৰাজ্যখনত দলটোৱে ক্ষমতালৈ আহিলে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাটোৱেই হ’ব বিজেপিৰ প্ৰথম কাম। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলিকৈ কয় যে, ২০২৬ চনত পুনৰবাৰ আমি ক্ষমতালৈ আহিম আৰু আমাৰ প্ৰথম কাম কেৱল অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাই নহয়, বৰ্তমান ৰাজ্যৰ ভিতৰতে থকা অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ’ব। কংগ্ৰেছ চৰকাৰ কেৱল অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাই নহয়, অনুপ্ৰৱেশকাৰীক লালন-পালন কৰাৰো অভিযোগ উত্থাপন কৰে তেওঁ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে জয়ী হ’ব বুলি তেওঁ আত্মবিশ্বাসী।

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্ত অঞ্চলৰ গাঁওসমূহৰ সামগ্ৰিক উন্নয়নক গুৰুত্ব প্ৰদান কৰিছে। মোডীজীৰ মতে সীমান্তৱৰ্তী গাঁও দেশৰ শেষ গাঁও নহয়, প্ৰথম খন গাঁওহ। নাতানপুৰ গাঁও হ’ব অসমৰ প্ৰথমখন উন্নয়নশীল গাঁও। ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমে অসমৰ ১৪০ খন গাঁও উপকৃত কৰিব। তেওঁ কয়,ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দূৰৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি ব্যাপকভাৱে উন্নয়ন আৰু জীৱনৰ মান উন্নত কৰা। ২০২২-২৩ চনৰ পৰা ২০২৫-২৬ চনলৈ (পৰ্যায়-১) আৰু পৰৱৰ্তী পৰ্যায়ত ২০২৮-২৯ চনলৈকে এই কাৰ্যসূচীৰ বাবে ৬,৮৩৯ কোটি টকা আবণ্টন দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন ৰোধ, পৰ্যটন আৰু স্থানীয় জীৱিকাৰ সৃষ্টি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছে।

পাকিস্তান আৰু চীনৰ গাতে লাগি থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তত ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচী  দীৰ্ঘদিন ধৰি চলি আহিছে। শেহতীয়াকৈ ভাৰতৰ চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ পর্যালোচনা কৰি বাংলাদেশৰ সীমান্ততো এই কার্যসূচী আয়োজন কৰাৰ প্রয়োজনীয়তা অনুভৱ কৰি কেন্দ্রীয় চৰকাৰে অসমত প্রথমবাৰৰ বাবে কাছাৰৰ কাটিগড়া বিধানসভা সমষ্টিৰ নাতানপুৰ সীমান্তত ‘ভাইব্ৰেণ্ট ভিলেজ’ কার্যসূচী আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি তেওঁ কয় ৷

উল্লেখযোগ্য যে,নাতানপুৰত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোনো শীৰ্ষ নেতাৰ পদধূলি পৰিছে নাতানপুৰ গাঁৱত। নাতানপুৰ সীমান্ত আউটপ’ষ্ট পৰিদৰ্শনো কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এইদিনা সভাখনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে বক্তব্য আগবঢ়ায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments