দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হ’বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
মহানগৰীৰ কইনাধৰাত নিশাটো কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। নিশা ১০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ বৰঝাৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী৷ বৰঝাৰত আদৰিবলৈ উপস্থিত হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও৷
সোমবাৰে পুৱা ১০.১৫ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰাওনা হ’ব ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’লৈ। শ্বহীদ স্মাৰকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকললৈ যাচিব শ্ৰদ্ধাঞ্জলি। তাৰপাছত হেলিকপ্টাৰযোগে যাব বটদ্ৰৱালৈ।
নগাঁও জিলাৰ বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিবলৈ অহাকালিলৈ ২৯ ডিচেম্বৰত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হৈছে পাছতাকৈ সভাকক্ষ৷গায়ন বায়ন সকলে খোল প্ৰসংগ আখৰা কৰি আছে৷যুৱক যুৱতী সকলে আৰু আই মাতৃ সকলে নাম কীৰ্তন কৰি গৃহমন্ত্ৰী গৰাকীক আদৰিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা তুলিছে৷এই উপলক্ষে বৰ্তমান প্ৰকল্পস্হিলত উপস্থিত হৈচেহি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ লবলৈ উপস্থিত হয় ।উল্লেখ্য যে, ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দুহেজাৰ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰনি জনোৱা হব। ৬০ হেজাৰ ভক্ত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত অনুষ্ঠিত হব ৷
