দুদিনীয়া ভ্ৰমণসূচীৰে অসমত গৃহমন্ত্ৰী অমিত শ্বাহ। কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক।
ভাষণত মুখ্যমন্ত্ৰীয়ে কয় ‘কোনোৱে সপোনতো ভবা নাছিল যে এদিন অমিত শ্বাহ কচুতলীত আহিব বুলি। অসমত আমি অসম্ভৱ কামো সম্ভৱ কৰিব পাৰিছোঁ। এয়া কেৱল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ কাৰণে সম্ভৱ হৈছে। অসমৰ পৰা এদিন বাংলাদেশী খেদি পেলাব লাগিব। আমি জানিছিলো ইয়াত ৭০৮ বিঘা মাটি বেদখল হৈ আছিল। ৰাইজে দাবী কৰিছিল যে ট্ৰাইবেল বেল্টত দখলীকৃত ভূমিত উচ্ছেদ অভিযান চলাব লাগে, কিন্তু উচ্ছেদৰ বাবে কোনেও সাহস কৰা নাছিল। আমি কচুতলীত ৭০০ বিঘাত মাটিত উচ্ছেদ চলাইছোঁ। বৰ্তমানলৈ ২৬ হাজাৰ চৰকাৰী মাটি, ৭০০০ বিঘা VGR-PGR মাটিত উচ্চেদ চলাইছোঁ। ১.৫ লাখ বিঘা ভূমিৰ পৰা আমি অবৈধ বাংলাদেশীক উচ্ছেদ চলাইছোঁ।’’
‘‘এতিয়াও ৪০ লাখ বিঘা মাটি বেদখল হৈ আছে, এতিয়ালৈ মাত্ৰ ১.৫ লাখ বিঘাতহে উচ্ছেদ চলাব পাৰিছোঁ আৰু উচ্ছেদ চলাবলৈ বিজেপিক ভোট দিব লাগিব। অহাবাৰ বিজেপি চৰকাৰ আহিলে ৫লাখ বিঘা মাটিত উচ্ছেদ চলাম। অসমখনক আমি বাংলাদেশীৰ পৰা বচাব লাগিব। শ্বহীদৰ তেজৰ মূল্য আমি বাংলাদেশীক বুজাই দিব লাগিব। কোনোবাই আমাক ৰঙা চকুৰে চালে আমি চকু কাঢ়ি আনিম। এইখন নতুন অসম, অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। কোনোবাই গঁড় মাৰিব বিচাৰিলে সি অসম পাৰ হৈ যাব নোৱাৰিব। এটা গঁড় মাৰিবলৈ ১০বাৰ চিন্তা কৰিব লাগিব। এতিয়া কোনোবাই কাজিৰঙাত গড় হত্যা কৰিলে বাচি নাযায়। অসমৰ মাটি কোনেও দখল কৰিব নোৱাৰে।’’
‘‘অসমৰ ৰাস্তাত এতিয়া গাড়ীয়ে নহয় উৰাজাহাজো চলে। এয়া নতুন অসম। কচুতলীত এতিয়া ৰিঙ ৰোড হ’ব। কচুতলীত এতিয়া অসম আৰু অসমীয়া থাকিব। কচুতলীত ১৭৪ বিঘা মাটিত বেটেলিয়ন হ’ব, কচুতলীৰ ৫০০ বিঘা মাটি থাকি যাব এই ভূমিত কচুতলীবাসীয়ে যি বিচাৰে সেয়া হ’ব ইয়াত। ৰাইজে চিকিৎসালয় বিচাৰিলেও নিৰ্মাণ কৰিম। মানুহে কয় উচ্ছেদ কৰিলে কি হ’ব আকৌ আহিব। অসমত আমি এনেকুৱা পৰিৱেশ কৰিম যে কচুতলীয়ে নহয় অসমৰ পৰায়েই বাংলাদেশী যাব লাগিব। আদালতত গোচৰ দি মোক মাজে মাজে ভয় খুৱাই, বিজেপিয়ে কাক ভয় নাখায়।’’
