ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তাত সুৰুঙা ৷ দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ সৈতে ঘুৰি ফুৰিছিল এগৰাকী অজ্ঞাত ব্যক্তি ৷ কেন্দ্ৰীয় গৃমন্ত্ৰী গৰাকীৰ সৈতে বিভন্ন স্থানত প্ৰত্যক্ষ কৰা হৈছিল এই ব্যক্তিজনক ৷ শেহতীয়াকৈ ৫ ছেপ্টেম্বৰ তাৰিখে মুম্বাই ভ্ৰমনলৈ যোৱাৰ সময়তো গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰত্যক্ষ কৰা হৈছিল ব্যক্তিজনক ৷
ব্যক্তিজনে নিজকে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী সাংসদৰ ব্যক্তিগত সহায়ক বুলি চিনাকী দিয়ে ৷ লোকজনৰ ওপৰত গৃহ বিভাগৰ সন্দেহ হোৱাত গৃহ বিভাগে মুম্বাই আৰক্ষীক অৱগত কৰে ৷ ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে ব্যক্তি জনৰ ৷
মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন হেমন্ত পাৱাৰ বুলি চিনাক্ত কৰিছে ৷ মুম্বাই আৰক্ষীয়ে হেমন্ত পাৱাৰত গ্ৰেপ্তাৰ কৰি গিৰগাঁও আদালতত হাজিৰ কৰাৰ পিছত ৫ দিনৰ জিম্মাত লয় ৷সম্প্ৰতি মুম্বাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ব্যক্তিজনক ৷