ডিজিটেল ডেস্ক, ANEWS24X7: নতুন দিল্লী এতিয়া প্ৰচণ্ড শীতৰ কবলত ৷ এনে শীতৰ মাজতে দিল্লী পৌৰ নিগমৰ বিৰুদ্ধে ২৫০ৰ পৰা ৩০০ পথভ্ৰষ্ট কুকুৰৰ সৈতে এগৰাকী মহিলাৰ ঘৰ ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ২৫০ৰ পৰা ৩০০ পথভ্ৰষ্ট কুকুৰৰ যত্ন লোৱা বৃদ্ধাগৰাকী এতিয়া উপায়ন্তৰ হৈ এজোপা গছৰ তলত আশ্ৰয় ল’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
অসহায় বৃদ্ধা মহিলাগৰাকীৰ নাম প্ৰতিমা দেৱী ৷ ঘটনা সন্দৰ্ভত ৮০ বছৰীয়া বৃদ্ধা মহিলা গৰাকীয়ে কয় যে , ‘‘মোৰ ঘৰটো পৌৰকৰ্মী সকলে ভাঙি পেলাইছিল ৷ তেওঁলোকে মোৰ সকলো কাঢ়ি লৈ গৈছিল ৷ আনকি মোৰ কুকুৰ কেইটাকো প্ৰহাৰ কৰিছিল ৷ মোৰ কমেও ২৫০-৩০০ টা কুকুৰ আছে ৷ মই এতিয়া তেওঁলোকৰ সৈতে গছৰ তলত আশ্ৰয় লৈ আছো ৷’’
প্ৰৱল শীতৰ প্ৰকোপত এনেদৰে নিজৰ কুকুক কেইটাৰ সৈতে গছৰ তলত আশ্ৰয় লোৱা ঘটনাই এতিয়া তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে ৷ দিল্লী পৌৰ সভাৰ এই কাণ্ডক সকলোৱে গৰিহণা দিছে ৷
