Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়এটা ব্যতিক্ৰমী কুকুৰ,আঠ বছৰত জীৱন ৰক্ষা কৰিছে ৩৮ জনৰ

এটা ব্যতিক্ৰমী কুকুৰ,আঠ বছৰত জীৱন ৰক্ষা কৰিছে ৩৮ জনৰ

ডিজিটেল ডেস্ক, ANEWS24X7: এটা বিশেষ কুকুৰ ৷ আঠ বছৰীয়া কেৰিয়াৰত ৩৮ জন লোকৰ জীৱন ৰক্ষা কৰিছে এই বিশেষ কুকুৰটোৱে৷জাৰ্মান শ্বেফৰ্ড প্ৰজাতিৰ ১০ বছৰিয়া লুনাই থিন ব্লু পাও এৱাৰ্ড গালা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷

জুন মাহত স্কটিছ আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰা লুনা এতিয়া ব্যস্ত অৱসৰ বিনোদনত । সাগৰৰ পাৰত খেলা কৰি সাতুৰি সময় উপভোগ কৰা পৰিলক্ষিত হৈছে লুনাক৷ স্কটিছ আৰক্ষী বিষয়া লিণ্ডা মেকব্ৰাইডে প্ৰথমবাৰৰ বাবে ২০১২ চনৰ ডিচেম্বৰ মাহত লুনাৰ সৈতে অংশীদ্বাৰীত্ব কৰিছিল ৷ সেই সময়ত লুনাৰ বয়স আছিল মাত্ৰ ১২ সপ্তাহ৷ তেতিয়াৰে পৰা লিণ্ডা মেকব্ৰাইড আৰু লুনা ইজনে সিজনৰ সংগী হৈ আহিছে ৷

আৰক্ষী বিষয়া মেকব্ৰাইডে কয় যে ,‘‘যদি পছন্দটো মোৰ হয় তেন্তে লুনাই কাম কৰি থাকিব।মোৰ কাম কৰিবলৈ এগৰাকী ব্যতিক্ৰমী পুলিচ কুকুৰ আছিল আৰু যেতিয়া মই গম পাইছিলো যে তাই লাইফচেভাৰ বঁটা লাভ কৰিছে মই উৰি গৈছিলো , মই আনকি কান্দিছিলো।’’

‘‘তাই জানে যে তাইৰ সহায়ৰ প্ৰয়োজন আছে তেতিয়াই সহানুভূতি দেখুৱায় ৷ তেতিয়াবা বিপদজনক আপৰাধীক তাই হিংসা দেখোৱাই ৷ যিকোনো ব্যক্তিৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা ৰখায় লুনায় ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments