ডিজিটেল ডেস্ক, anews24x7: যান্ত্ৰিক সমস্যাৰ বাবে ইণ্ডিগ’ৰ এখন বিমানে পাটনা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে, বিমানখনৰ এটা ইঞ্জিন ভাঙি গৈছে। অৱশ্যে বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনে বিমানবন্দৰৰ দৈনন্দিন কাম-কাজত কোনো প্ৰভাৱ নপৰাকৈ জৰুৰী অৱতৰণ কৰে।
শুকুৰবাৰে পুৱা পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সময়মতে উৰা মাৰিলে ইণ্ডিগ’ৰ ৬E2433 বিমান। গন্তব্যস্থান আছিল দিল্লী বিমানবন্দৰ। কিন্তু ৰাণৱেৰ পৰা ওলাই অহাৰ মাত্ৰ তিনি মিনিটৰ পিছতে বিমানখনে যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈয়ে পুৱা ৯:১১ বজাত পাটনা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে পাইলটজনে।
যোৱা জুলাই মাহত পেৰিছ অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান দিল্লী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিছিল। দিল্লী এয়াৰ ট্ৰেফিক কণ্ট্ৰল (দিল্লী এ টি চি)ৰ তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ এজন কৰ্মচাৰীয়ে বিমানখনৰ চকাত সমস্যা হৈছে বুলি ভাবিছিল। পিছলৈ অৱশ্যে বিমানখনে কোনো ঘটনা নোহোৱাকৈ গন্তব্যস্থানলৈ উৰা মাৰিলে।