Saturday, May 31, 2025
Homeঅসমগোৱালপাৰা জিলাত পুনৰ নিৰ্মাণ হ'ব আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

গোৱালপাৰা জিলাত পুনৰ নিৰ্মাণ হ’ব আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহক আদৰ্শ অংগনৱাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ যি অভিলাষী আঁ‌চনি গ্ৰহণ কৰিছে তাৰ ফলশ্ৰুতিত গোৱালপাৰা জিলাতো পৰ্যায়ক্ৰমে অংগনৱাড়ী কেন্দ্ৰসমূহক “আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ”লৈ ৰূপান্তৰকৰণ প্ৰক্ৰিয়া চলি আছে। নাবাৰ্ডৰ NABARD infrastructure Development Assistance চমুকৈ NIDA আৰু কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁ‌জি চমুকৈ RIDF-ৰ জৰিয়তে গোৱালপাৰা জিলাত ৬৬ টা অংগনৱাড়ী কেন্দ্ৰৰ নতুন গৃহ নিৰ্মাণ কৰি “আদৰ্শ অংগনৱাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে।

শেহতীয়াকৈ গোৱালপাৰা জিলাত পুনৰ ৯৯ টা অংগনৱাড়ী কেন্দ্ৰক আদৰ্শ অংগনৱাড়ী কেন্দ্ৰলৈ উন্নীত কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ ভিতৰত নিৰ্মাণ সমিতি গঠন হোৱা ৪৯ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ নতুন গৃহ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নিৰ্মাণ সমিতিসমূহক নিৰ্দেশ দিয়ে। ইয়াৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে ২৭-০৫-২০২৫ তাৰিখে জিলাৰ সমাজ কল্যাণ বিভাগ আৰু নিৰ্মাণ সমিতিসমূহক লৈ এখন সভা অনুষ্ঠিত কৰা হয়। সভাত জিলা আয়ুক্তয়ে আটাইবোৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ সমিতি সমূহক সোনকালে আগতীয়া ধন মোকলাই দিয়া হ’ব বুলিও উল্লেখ কৰে। নিৰ্মাণ সমিতি সমূহে নিজৰ নিজৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ নতুন গৃহসমূহ ‘চেপ্তেম্বৰ-২০২৫’ মাহৰ ভিতৰত নিৰ্মাণ সম্পুৰ্ণ কৰিব লাগিব বুলি সভাত জিলা আয়ুক্ত মহোদয়ে উল্লেখ কৰে। উল্লেখ থাকে যে- প্ৰতিটো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে ২৫ লাখকৈ টকা ধাৰ্য কৰি মঞ্জুৰ কৰিছে।

প্ৰতিটো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰত উন্নতমানৰ টিনপাত আৰু খিৰিকীত ষ্টীলৰ গ্ৰীল লগোৱা, সুদৃশ্য বাৰান্দা, বিদ্যুতৰ ব্যৱস্থা, পানীৰ ব্যৱস্থা, শৌচাগাৰ আদিৰ ক্ষেত্ৰত যাতে মানদণ্ড মিম্ন নহয় তাৰ বাবে নজৰ ৰাখিবলৈ জিলা আয়ুক্তয়ে সকলো পক্ষকে আহ্বান জনাইছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments