Saturday, July 5, 2025
Homeঅসমউচিত ন্যায় পালে অনিমেষৰ আত্মাই শান্তি পাব

উচিত ন্যায় পালে অনিমেষৰ আত্মাই শান্তি পাব

ডিজিটেল ডেস্ক, ANEWS24X7: এটা অভিশপ্ত দিন। ২০২১ চনৰ আজিৰ দিনটোতে যোৰহাটত মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই। আজি অনিমেষৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ হ’ল। ২০২১ বৰ্ষৰ আজিৰ দিনটোতে সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ড।

অনিমেষ ভূঞাই কৰুণ মৃত্যুক সাবটি লোৱাৰ পিছত অনিমেষৰ ঘৰলৈ মানুহৰ সোত বৈছিল। আহিছিল মন্ত্ৰী–বিধায়ক,শিল্লী-সাহিত্যিক তথা দল–সংগঠনৰ বিষয়ববীয়া। সকলোৱে পৰিয়ালটোক বহুত আশ্বাস, প্ৰতিশ্ৰুতি দি গ’ল, কিন্তু দুখৰ বিষয় আজি এটা বছৰে বিশেষ একো নহ’ল। প্ৰতিশ্ৰুতি আশ্বাস সকলো অসাৰ।

আজিও অনিমেষৰ মাতৃৰ বুকুত জলা জুইকুৰা জ্বলিয়েই আছে। আজি অনিমেষ ভুঞাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত উচুপি উঠিল অনিমেষৰ মাতৃ ।’মাতৃয়ে ক’লে ” লুকাই লুকাই সদায় কান্দো “। অনিমেষৰ ভায়েকৰ মুখলৈ চাই ধৈৰ্য্য ধৰি আছো মই। উচিত ন্যায় পালে অনিমেষৰ আত্মাই শান্তি পাব’।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments